68
নাওকাটাঃ গোহালি সদৃশ এটা ঘৰ। তাতেই যোৱা ১০ বছৰ ধৰি ৰুগীয়া পত্নী-পুত্ৰক লৈ বাস কৰি আহিছে লোকজনে। দুৰ্ভগীয়া এই লোকজন হৈছে গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পূব নাওকাটা গাঁৱৰ কৰ্ম কলিতা।
দীৰ্ঘ দিন ধৰি তেওঁৰো হাত এখন ভঙা৷ পত্নী চম্পা কলিতা মানসিক বিকাৰগ্ৰস্ত৷ একমাত্ৰ পুত্ৰ উদ্ধৱৰ চিন্তাতে ভাত-পানী নাখাই ঘৰটোৰ ভিতৰতে সোমাই থাকে৷