‘প্ৰিয়তমা মোৰ! বৰফৰ কঠিন টুকুৰা এটা কেতিয়াবা যেনেকৈ গলি পানী হৈ পৰে, ময়ো এতিয়া তেনেকৈয়ে গলিবলৈ আৰম্ভ কৰিছোঁ…।’ বুকুত জ্বলি থকা বিদ্ৰোহ আৰু সংগ্ৰামৰ দাবানলৰ মাজতে এনেকৈয়ে এদিন তেওঁৰ মনতো সৰিছিল প্ৰেমৰ বৰষুণ। প্ৰিয়তমালৈ বুলি হিয়াৰ ভালপোৱা উজাৰি তেওঁ প্ৰেম পত্ৰ লিখিছিল। এজন সাধাৰণ প্ৰেমিকৰ দৰেই তেওঁৱো এদিন ব্যাকুল হৈ পৰিছিল পৰিয়াল, সমাজ আৰু তেওঁলোকৰ ভালপোৱাৰ সম্পৰ্কটোক লৈ। প্ৰেয়সীৰ চিঠিৰ অপেক্ষাত তেওঁৱো এদিন অধীৰ হৈ পৰিছিল।
এয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰেমৰ কাহিনী। স্বাধীনতাৰ বাবে যুঁজি যুঁজি ভাগৰি পৰা অশান্ত মনটোক এদিন এচাটি প্ৰেমৰ বতাহে বা দি গৈছিল নেতাজী সুভাষ চন্দ্ৰ বসুকো। সেয়া আছিল ১৯৩৪ চনৰ কথা। তেতিয়া কংগ্ৰেছৰ যোদ্ধা হিচাপে পৰিচিত সুভাষ চন্দ্ৰ বসু সেই সময়ত আছিল অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত। নাগৰিক অবাধ্যতা আন্দোলনৰ সময়ত কাৰাবন্দী হ’বলগীয়া হোৱা সুভাষ চন্দ্ৰ বসুৰ ১৯৩২ চনৰ ফেব্ৰুৱাৰীৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত ব্ৰিটিছ চৰকাৰে তেওঁক পৰিয়ালৰ খৰছত চিকিৎসাৰ বাবে ইউৰোপলৈ পঠিয়াবলৈ সন্মত হয়।