ডিব্ৰুগড়ঃ প্ৰতিগৰাকী অসমীয়া যুৱক লাচিতৰ দৰে হ’ব লাগিব৷ লাচিতৰ আদৰ্শ গ্ৰহণ কৰিব নোৱাৰিলে অসমীয়া জাতি অস্তিত্ব বিপন্ন হ’ব৷ প্ৰতিঘৰত লাচিত থাকিব লাগিব৷ এই মন্তব্য বীৰ লাচিত সেনা অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত দাসৰ৷

মঙলবাৰে চাবুৱাৰ হৰগুন ৰায়  প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত অংশ গ্ৰহণ কৰি জয়ন্ত দাসে আৰু কয় ‘‘জাতি ৰক্ষাৰ কাৰণে সকলো সময়তে সস্তম হৈ অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত নিজৰ প্ৰাণ অাহুতি দিবলৈ কুন্ঠাবোধ নকৰো বুলি কয়’’৷

বীৰ লাচিত সেনাই কোনো কাৰণতে বাংলাদেশী, অনা-অসমীয়াৰ অসমক দপদপনি সহ্য নকৰো বুলি স্পষ্ট কৰে৷ সংগঠনটোৰ ডিব্ৰুগড় জিলাৰ চাবুৱা অাঞ্চলিক সমিতিৰ উদ্যোগত মঙলবাৰে হৰগুন ৰায় প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত পুলকেশ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত মনোৰঞ্জন গগৈ, প্ৰকাশ শইকীয়াক সভাপতি অাৰু পংকজ গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ ৩৫ জনীয়া শক্তিশালী চাবুৱা অাঞ্চলিক সমিতিখন গঠন কৰা হয়৷ সভাত ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক পূৰণ গগৈ, শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক শৃংখল চৰিহা উপস্থিত থাকে৷