ডিজিটেল ডেস্কঃ আহি আছে জিঅ'ৰ আন এক ধামাকা। এই নতুন ধামাকাই শংকিত কৰি তুলিছে ডি টি এইছ সেৱা প্ৰদানকাৰী সংস্থাসমূহক শংকিত কৰি তুলিছে। নতুন ধামাকাটো হৈছে জিঅ' ডি টি এইছ।

শীঘ্ৰে বজাৰলৈ আহিব এই জিঅ’ ডিটিএইছ৷ ৰিলায়েন্স জিঅ’ই দেশৰ বজাৰত স্থান সুদৃঢ় কৰাৰ পিছতেই এইবাৰ জিঅ’ ডিটিএইছ৷ মোবাইল নেটৱৰ্ক সেৱাৰ দৰে ডি টি এইছো প্ৰথম অৱস্থাত কেই মাহ মানৰ বাবে বিনামূলীয়া হ'ব পাৰে বুলি ভাবি একপ্ৰকাৰ উৎফুল্লিত হৈ পৰিছে গ্ৰাহকসকল।

জানিব পৰা মতে, দেশৰ নাগৰিকক মনোৰঞ্জন দিবলৈ প্ৰতিষ্ঠানটোৱে কেইদিনমানৰ ভিতৰতে মুকলি কৰিব জিঅ’ ডিটিএইছ সেৱা৷ ইতিমধ্যে প্ৰতিষ্ঠানটোৱে সকলো প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তুলিছে৷ জিঅ’ ডিটিএইছৰ প্লেনসমুহ হৈছে এনেধৰণৰঃ

• জিঅ’ ডিটিএইছ হোম পেক

• জিঅ’ ডিটিএইছ গোল্ড পেক

• জিঅ’ চিলভাৰ ডিটিএইছ প্লেনছ

• জিঅ’ প্লেটিনাম পেক ফৰ ডিটিএইছ

• জিঅ’ ডিটিএইছ মাই প্লেনছ(গ্ৰাহকৰ প্ৰয়োজনীয় চেনেল)

চলিত মাহতে এই সেৱা মুকলি কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৱে৷ অঞ্চল অনুযায়ী জিঅ’ৰ প্লেনসমুহ হৈছেঃ

• জিঅ’ ডিটিএইছ চাউথ ইণ্ডিয়া প্লেনছ

• জিঅ’ ডিটিএইছ নৰ্থ ইণ্ডিয়া প্লেনছ

• জিঅ’ ডিটিএইছ ইষ্ট ইণ্ডিয়া প্লেনছ

• জিঅ’ ডিটিএইছ ৱেষ্ট ৰিজিয়ন প্লেনছ

অতি কম মুল্যতে দৰ্শকে উপভোগ কৰিব পাৰিব এই জিঅ’ ডিটিএইছ সেৱা। তলত ডি টি এইছ পেকৰ নিৰিখ উল্লেখ কৰা হ'ল।

• নৰ্মেল পেক  ৪৯- ৫৫ টকা

• অল ছাপৰ্টছ চেনেল-৬০-৬৯ টকা

• ভেলু প্ৰাইছ চেনেল - ১২০ -১৫০টকা

• মাই ফেমেলী পেক ২০০- ২৫০টকা

• মাই প্লেন ৫০- ৫৪টকা

• বিগ আল্ট্ৰা পেক ১৯৯- ২২০টকা

• মেট্ৰ পেক ১৯৯- ২৫০টকা

• ধুম ৯৯- ১০৯টকা

• কিডছ চেনেল ১৮৮-১৯০টকা

জিঅ’ৰ ছেট টপ বক্সৰ মূল্য প্ৰায় ১হাজাৰৰ পৰা ১২০০হ’ব পাৰে বুলি আশা কৰিছে বিক্ৰেতাসকলে৷ বাকী ডিটিএইছ প্ৰতিষ্ঠানৰ তুলনাত ছেট টপ বক্সৰ মূল্য কম হ’ব বুলি অনুমান কৰিছে বিক্ৰেতাই৷ মুঠতে টেলিকম জগতৰ পিছত ডিটিএইছৰ জগতত এক নতুন খলকনি তুলিব বুলি আশা কৰিছে গ্ৰাহকে৷