বিশেষ প্ৰতিবেদনঃ ভাৰতত এই পৰ্যন্ত ডিজিটেল বা অনলাইন সংবাদ মাধ্যমৰ বাবে নিৰ্দিষ্ট কোনো নিয়ন্ত্ৰক সংস্থা নাই। কিন্তু শেহতীয়াকৈ চৰকাৰে শীঘ্ৰেই ডিজিটেল মিডিয়াক নিয়ন্ত্ৰণৰ বাবে এখন আইন প্ৰণয়ন কৰিবলৈ যো-জা চলাই থকাৰ খবৰে চৰ্চা লাভ কৰিছে।
চৰ্চিত বাতৰি অনুযায়ী এই সন্দৰ্ভত কেন্দ্ৰ চৰকাৰে এখন নতুন বিধেয়ক প্ৰস্তুত কৰিছে। এই বিধেয়কখন সংসদৰ এইবাৰৰ বৰ্ষাকালীন অধিৱেশনত উত্থাপন কৰা হ’ব বুলি গুণা-গঁথা চলিছে।
চৰকাৰে ২০১৯ চনতে 'প্ৰেছ আৰু পত্ৰিকা পঞ্জীকৰণ বিধেয়ক, ২০১৯’-ক নতুন মাত্ৰা প্ৰদান কৰিছিল। এতিয়া যিখন বিধেয়ক আনিবলৈ পৰিকল্পনা কৰিছে সেইখন বিধেয়কে প্ৰথমবাৰৰ বাবে ডিজিটেল মিডিয়াক সামৰি ল’ব।
বিধেয়কখনক লৈ এই পৰ্যন্ত কোনো বিষয় সম্পূৰ্ণৰূ পোহৰলৈ অহা নাই যদিও বিশেষ সূত্ৰে লাভ কৰা খবৰ অনুযায়ী এয়া আইনত পৰিণত হ’লে প্ৰতিটো ডিজিটেল সংবাদ প্ৰতিষ্ঠান আৰু নিউজ ৱেবছাইটৰ পঞ্জীয়ন বাধ্যতামূলক হৈ পৰিব। পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই ডিজিটেল সংবাদ প্ৰতিষ্ঠানসমূহে নতুন আইনখনত উল্লেখ থকা ধৰণে কাম কৰিবলগীয়া হ’ব।
প্ৰাপ্ত খবৰ মতে, নতুন অধিনিয়মে ১৫৫ বছৰ পুৰণি 'Press and Registration of Books Act, 1867’ৰ স্থান দখল কৰিব। উল্লেখ্য যে এই প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেশ্যন অব বুকছ এক্ট ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত ভাৰতত প্ৰণয়ন কৰা হৈছিল। সেই সময়ত এই আইনখনৰ জৰিয়তে বিদ্ৰোহৰ কালছোৱাত সংবাদ মাধ্যমআৰু কিতাপৰ জৰিয়তে মত প্ৰকাশ কৰি অহা কাৰ্যত বাধা প্ৰদান কৰিবলৈ চেষ্টা চলাইছিল তেতিয়াৰ ব্ৰিটিছ চৰকাৰে।
বন্ধ হৈ পৰিব পুৰণি আইন
বিগত কিছু বছৰ ধৰি ভাৰতত ডিজিটেল মিডিয়াৰ জৰিয়তে বাতৰি প্ৰকাশৰ মাত্ৰা কেবাগুণে বৃদ্ধি পাইছে। এই ডিজিটেল মাধ্যমৰ জৰিয়তে বাতৰি প্ৰকাশ কৰা সংবাদ প্ৰতিষ্ঠানৰ সংখ্যাও দিনে দিনে বাঢ়িবলৈ লৈছে।
দেশৰ সংবাদ মাধ্যমলৈ অহা এই বৃহৎ পৰিৱৰ্তন সত্বেও এতিয়ালৈকে কোনেও ১৫৫ বছৰ পুৰণি আইনখনৰ সংশোধন কৰাৰ প্ৰয়োজনবোধ কৰা নাছিল। অৱশেষত এই প্ৰয়োজনীয়তা উপলব্ধি কৰি বৰ্তমানৰ চৰকাৰখনে প্ৰস্তুত কৰা নতুন বিধেয়কখন গৃহীত হোৱাৰ লগে লগে ১৮৬৭ চনৰেই আইনখনৰ অন্ত পৰিব।
কিন্তু একাংশ লোকে চৰকাৰৰ এই পদক্ষেপক লৈ প্ৰশ্ন উত্থাপন কৰাও পৰিলক্ষিত হৈছে। নতুন বিধেয়কখনৰ জৰিয়তে চৰকাৰে ডিজিটেল মিডিয়াক নিজৰ ইচ্ছামতে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাব বুলিও আশংকা ব্যক্ত কৰিছে। নতুন আইনখনৰ জৰিয়তে মোদী চৰকাৰে চৰকাৰক সমালোচনা কৰা সংবাদ প্ৰতিষ্ঠানসমূহক নাকী লগোৱাৰ সম্ভাৱনা আছে বুলি দাবী কৰিছে একাংশ বিশ্লেষকে।
সাংবাদিক তথা মানৱাধিকাৰ সংস্থা এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ আকাৰ পেটেলে এটা লেখাত এই বিধেয়কখনত সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ প্ৰতি ভাবুকি হিচাপে অভিহিত কৰিছে। আকাৰ পেটেলে লিখিছে, 'এয়া ভাৰতৰ বাবে কোনো ইতিবাচক কথা নহয়। চৰকাৰ যথেষ্ট শক্তিশালী স্থিতিত আছে আৰু প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তা বৰ্তমানো অটুট আছে। বিপৰীতে বিপক্ষই সম্পূৰ্ণৰূপে মূৰ দাঙি উঠিবলৈ এতিয়াও বহুত বাকী। এনেক্ষেত্ৰত এই বিধেয়কখনত কেৱল চৰকাৰৰ হিতৰ দিশটোৱেহে প্ৰাধান্য পোৱাৰ সম্ভাৱনা অধিক।’
আনহাতে জনপ্ৰিয় লেখক, দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য সুধীৰ পছৌৰিয়ে কৈছে, 'বৰ্তমানো যে ডিজিটেল মিডিয়াৰ মুখ বন্ধ কৰাৰ অপচেষ্টা চলা নাই তেনে নহয়। এতিয়াও কোনো গোচৰ ৰুজু হ’লেই আৰক্ষীয়ে ডিজিটেল মিডিয়াৰ সাংবাদিকক গ্ৰেপ্তাৰ কৰি আহিছে। বৰ্তমানলৈকে এই গোচৰসমূহ আইটি আইনৰ অধীনত ৰুজু কৰি অহা হৈছে। এয়া সুকীয়া আৰু নিৰ্দিষ্ট আইনৰ অভাৱৰ বাবে কৰি অহা হৈছিল। গতিকে ডিজিটেল মিডিয়াৰ বাবে এখন পৃথক আৰু নতুন আইন ৰূপায়ণ কৰাত আচৰিত হ’বলগীয়া একো নাই।’
এদিন নহয় এদিন কোনো এখন চৰকাৰে এনে এখন আইন অনাতো অৱশ্যাম্ভাৱী আছিল বুলি উল্লেখ কৰি পছৌৰিয়ে আৰু কয়, 'কেৱল চৰকাৰৰ তৰফৰ পৰাই নহয়, এতিয়া বিভিন্ন গোট তথা দল-সংগঠনসমূহেও সংবাদ মাধ্যমক মুকলিকৈ ভাবুকি দিব পৰা পৰিৱেশৰ সৃষ্টি হৈছে। এয়া অতিকৈ ভয়াৱহ।’
নতুন আইনখনক লৈ এনেধৰণৰ নেতিবাচক মন্তব্যৰ বিপৰীতে কেবাজনো বিশ্লেষকে আইনখনে ভাৰতৰ সংবাদ মাধ্যমক নতুন মাত্ৰা প্ৰদান কৰিব বুলি দাবী কৰা পৰিলক্ষিত হৈছে। এইসকল বিশ্লেষকৰ মতে নতুন বিধেয়কখনত সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা বাধা প্ৰদান কৰিব পৰা কোনো কথাই নাই।
নতুন বিধেয়কখনক লৈ একাংশ লোকে উত্থাপন কৰা অভিযোগক সম্পূৰ্ণৰূপে ভিত্তিহীন আখ্যা দিছে প্ৰসাৰ ভাৰতীৰ প্ৰাক্তন অধ্যক্ষ সূৰ্য প্ৰকাশে। বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সূৰ্য প্ৰকাশে কয়, 'মই এই সন্দৰ্ভত বিভিন্ন বাতৰি দেখিছো। সংবাদ মাধ্যমৰ স্বতন্ত্ৰতালৈ ভাবুকি কঢ়িয়াই আনিব পৰা একোৱেই মই বিচাৰি পোৱা নাই।’
তেওঁ আৰু কয় যে সময়ৰ সৈতে খোজ মিলাই চলিবলৈ হ’লে পুৰণি আইন সলনি কৰাতো অপৰিহাৰ্য। 'প্ৰস্তাৱিত এই বিধেয়কখনৰ লক্ষ্য আৰু উদ্দেশ্যই হৈছে মিডিয়াক প্ৰকৃতাৰ্থত আধুনিক যুগলৈ লৈ যোৱা। মই শেহতীয়াকৈ ৰয়টাৰ্ছৰ এক প্ৰতিবেদন চাইছিলো য’ত নেকি ভাৰতত বৰ্তমান ৬৩ শতাংশ নৱ-প্ৰজন্মই ডিজিটেল মাধ্যমতে বা-বাতৰি চাই আহিছে বুলি প্ৰকাশ পাইছিল। গতিকে মই ভাবো যে সময়ৰ লগে লগে আগবাঢ়িবলৈ হ’লে প্ৰযুক্তিৰ সৈতে ফেৰ মাৰি আইন-কানুনৰো সাল-সলনি ঘটোৱা উচিত।’
প্ৰস্তাৱিত এই আইনত কি আছে?
প্ৰস্তাৱিত আইনখন সন্দৰ্ভত সবিশেষ বিৱৰণ বৰ্তমানো স্পষ্টকৈ জানিব পৰা হোৱা নাই। অৱশ্যে ৰয়টাৰ্ছ আৰু বিবিচত প্ৰকাশিত বাতৰি মতে আইনখনৰ জৰিয়তে ২০১৯ চনত প্ৰস্তুত কৰা অধিনিয়মসমূহ পুনৰ কাৰ্যক্ষম কৰি তোলাৰ চেষ্টা কৰা হ’ব। কেন্দ্ৰ চৰকাৰে ২০১৯ চনত প্ৰস্তুত কৰা খচৰা বিধেয়কত 'ডিজিটেল মিডিয়াত বাতৰি’ক 'ডিজিটেল ফৰ্মেটত বাতৰি’ হিচাপে পৰিভাষিত কৰা হৈছিল।
ডিজিটেল সংবাদৰ অৰ্থ হ’ল এনে বা-বাতৰি যিসমূহ ইণ্টাৰনেটৰ জৰিয়তে কম্পিউটাৰ বা আন ডিভাইছত প্ৰচাৰ কৰিব পাৰি। ইয়াত টেক্সট, অডিঅ’, ভিডিঅ’ আৰু গ্ৰাফিক্স সকলো সোমাই পৰিব।
এই নতুন বিধেয়কখন গৃহীত হ’লে ডিজিটেল বাতৰি প্ৰকাশকসকলে 'প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেল’ৰ ওচৰত পঞ্জীয়ন কৰাব লাগিব। প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ হাতত নিয়ম উলংঘা কৰা প্ৰকাশকসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ সম্পূৰ্ণ অধিকাৰ থাকিব। প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেলে পঞ্জীয়ন কৰাৰ লগতে পঞ্জীয়ন বাতিল কৰাৰো অধিকাৰ লাভ কৰিব। আইনখনত শাস্তিৰ বিধানো থাকিব বুলি জানিব পৰা গৈছে।
বিধেয়কখন প্ৰস্তুতৰ সৈতে জড়িত বিষয়াসকলৰ উধৃতিৰে কেবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুযায়ী প্ৰেছ কাউন্সিল অব ইণ্ডিয়াৰ অধ্যক্ষৰ লগতে সমান্তৰালভাৱে এখন আপীল কৰিব পৰা বিশেষ বৰ্ড গঠনৰো দিহা কৰা হৈছে।
আৰএনআইৰ গঠন আৰু বাতৰি কাকতৰ পঞ্জীয়ন
১৮৬৭ চনৰ পুৰণি আইনখনৰ মূল উদ্দেশ্য আছিল ভাৰতত প্ৰকাশিত বাতৰি কাকত, আলোচনী আৰু কিতাপৰ ৰেকৰ্ড ৰখা। ১৯৫৫ চনত উক্ত আইনখনকে ভাৰতীয় বাতৰি কাকতৰ পঞ্জীয়ক বা ৰেজিষ্ট্ৰাৰ অব নিউজপেপাৰ ফৰ ইণ্ডিয়া চমুকৈ আৰএনআইৰ গঠনৰ বাবে সংশোধন কৰা হয়।
মন কৰিবলগীয়া কথা এয়ে যে আৰএনআই গঠনৰ সময়তো সেই সময়ত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে বাতৰি কাকতসমূহৰ ওপৰত চৰকাৰে নিয়ন্ত্ৰণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল। আৰএনআইক বাতৰি কাকতৰ পঞ্জীয়ন কৰা আৰু পঞ্জীয়ন নাকচ কৰাৰ সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰা হৈছিল।
প্ৰসাৰ ভাৰতীৰ প্ৰাক্তন চেয়াৰমেন সূৰ্য প্ৰকাশৰ মতে জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাৰ বাদে দেশত আজিলৈ আৰএনআইৰ জৰিয়তে চৰকাৰে বাতৰি কাকতসমূহক নিয়ন্ত্ৰণ কৰাৰ কোনো উদাহৰণ পাবলৈ নাই। তেওঁ কয়, 'মই দীৰ্ঘকাল ধৰি সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ আছো। এই সুদীৰ্ঘ সময়ছোৱাত চৰকাৰ বা শাসকীয় দলে বাতৰি কাকতসমূহক নিয়ন্ত্ৰণৰ বাবে আৰএনআইক কেতিয়াও হেঁচা প্ৰয়োগ কৰাৰ কথা মই শুনা নাই। যদিহে কোনো চৰকাৰে কোনো সংবাদ প্ৰতিষ্ঠানৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ পঞ্জীয়নৰ বাবে গঠন কৰি দিয়া সংস্থাক ব্যৱহাৰ কৰে তেন্তে মই নিশ্চিত যে ন্যায়পালিকাই এইক্ষেত্ৰত হস্তক্ষেপ কৰিব।’
তেওঁ আৰু কয়, 'আমি সকলোৱে দেশৰ সংস্থাসমূহৰ ওপৰত ভৰসা কৰা উচিত। যেতিয়াই চৰকাৰে সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাত আঘাত কৰিব তেতিয়াই তাত বাধা দিবলৈ সৰ্বোচ্চ ন্যায়ালয় আছে। আমি এখন গণতান্ত্ৰিক দেশত বাস কৰো। গতিকে এনে চিন্তা অপ্ৰয়োজনীয়। আমি আমাৰ দেশৰ সংস্থাসমূহৰ প্ৰতি আস্থা ৰখা উচিত।’
এই সন্দৰ্ভত দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য সুধীৰ পছৌৰিয়েও সূৰ্য প্ৰকাশৰ সৈতে সহমত পোষণ কৰা পৰিলক্ষিত হৈছে। পছৌৰিয়ে কয়, 'কংগ্ৰেছৰ কাৰ্যকালতেই হওক বা মোদীৰ কাৰ্যকালতেই হওক কোনো বৃহৎ বাতৰি কাকত গোষ্ঠীৰ ওপৰত আজিলৈকে স্পষ্টকৈ কোনো আক্ৰমণ হোৱা নাই। কিন্তু এটা পৰ্যায়লৈ নিয়ন্ত্ৰণৰ চেষ্টা কিন্তু চলিছে। এই নতুন আইনৰ ফলত একপ্ৰকাৰ নিউজ পৰ্টেলসমূহ চৰকাৰৰ দৃষ্টিত আইনীভাৱে জবাবদিহি হৈ পৰিব। চৰকাৰক সমালোচনা কৰা সংবাদ মাধ্যমৰ প্ৰতি নজৰ আগতেও আছিল, এতিয়াও আছে, ভৱিষ্যতেও থাকিব।’
ডিজিটেল মিডিয়া বনাম পৰম্পৰাগত মিডিয়া
বিগত দুটা দশকত ডিজিটেল মিডিয়াই পূৰ্ণ ৰূপত বিকাশ লাভ কৰিছে। ভাৰতত দ্য ৱায়াৰ, নিউজক্লিক, স্ক্ৰল, অল্ট নিউজ, দ্য নিউজ মিনিটৰ দৰে সংস্থাাসমূহৰ জন্ম হৈছে। এই ডিজিটেল সংবাদ সংস্থাসমূহৰ অধিকাংশই স্বতন্ত্ৰ। এই সংবাদ প্ৰতিষ্ঠানসমূহে চৰকাৰী বিজ্ঞাপনো লাভ নকৰে। ডনেশ্যন আৰু ব্যক্তিগত বিজ্ঞাপনেই এই সংবাদ সংস্থাসমূহৰ একমাত্ৰ সম্বল। এই সংবাদ প্ৰতিষ্ঠানসমূহৰ অধিকাংশ প্ৰতিষ্ঠানৰেই জন্মদাতা হৈছে বাতৰি কাকত বা নিউজ চেনেলৰ একালৰ জ্যেষ্ঠ সাংবাদিক।
পৰম্পৰাগত সংবাদ প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে চৰকাৰৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণ হিচাপে প্ৰতি বছৰে মোদী চৰকাৰে বিজ্ঞাপনৰ নামত ১২০০ কোটি টকা খৰছ কৰি অহাৰ কথা উল্লেখ কৰিছে কেবাগৰাকী বিশ্লেষকে। কেন্দ্ৰ চৰকাৰৰ অধীনস্থ আন অনুষ্ঠান-প্ৰতিষ্ঠানসমূহেও প্ৰতি বছৰে ১০০০ কোটিৰো অধিক ধন বিজ্ঞাপনত খৰছ কৰি আহিছে।
অৰ্থাৎ প্ৰতিমাহে চৰকাৰে দেশৰ মিডিয়া উদ্যোগটোলৈ ২০০ কোটিৰো অধিক ধন আগবঢ়াই আহিছে। আনহাতে ৰাজ্য চৰকাৰসমূহেও বিজ্ঞাপনৰ নামত প্ৰতিমাহে কোটি কোটি টকা খৰছ কৰি আহিছে। এই ধনসমূহ বৰ্তমান পৰম্পৰাগত সংবাদ মাধ্যম বাতৰি কাকত আৰু নিউজ চেনেলসমূহেহে লাভ কৰি আহিছে। নতুন বিধেয়কখন আইনত পৰিণত হোৱাৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিজ্ঞাপনৰ ধনৰ ভাগ ডিজিটেল মিডিয়ায়ো লাভ কৰাৰ পথ প্ৰশস্ত হৈ পৰিব।
নতুন আইনৰ বাতৰিক লৈ অসমত বিভ্ৰান্তি
দেশৰ লগতে অসমতো সম্প্ৰতি ডিজিটেল মিডিয়াই যথেষ্ট প্ৰসাৰ লাভ কৰিছে। ৰাজ্যখনত ২০১৬ চনৰ পিছৰে পৰা টাইম-৮, প্ৰতিবিম্ব লাইভ, কাৰেণ্ট ট্ৰেণ্ড আছাম, ক্ৰছ কাৰেণ্টকে আদি কৰি একাধিক ডিজিটেল সংবাদ মাধ্যমে জন্ম লাভ কৰা দেখা গৈছে। অৱশ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজিটেল মিডিয়াৰ ধাৰাৰ পৰিৱৰ্তে অসমৰ ডিজিটেল মিডিয়া সংস্থাসমূহে নিউজ চেনেলৰ আৰ্হিত ছ’চিয়েল মিডিয়াক মূল মাধ্যম হিচাপে লৈহে বাতৰি সম্প্ৰচাৰ কৰি আহিছে।
শেহতীয়াকৈ ডিজিটেল মিডিয়াক লৈ নতুন আইন আহিব বুলি বাতৰি প্ৰকাশ পোৱাত ৰাজ্যখনৰ ডিজিটেল সংবাদ মাধ্যমৰ সৈতে জড়িত সাংবাদিকসকলৰ মাজত বিভিন্ন ধৰণৰ কথা-বতৰা চলা পৰিলক্ষিত হৈছে। বিশেষকৈ গুণগত মানদণ্ড অবিহনেই ফেচবুক পেজৰ জৰিয়তে বাতৰি সম্প্ৰচাৰ কৰি অহা নিউজ পৰ্টেলসমূহৰ নতুন আইন গৃহীত হোৱাৰ পিছত কি হ’ব সেই লৈ সংবাদ মহলত প্ৰশ্ন উত্থাপিত হৈছে।
একাংশ লোকে নতুন আইন ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব বুলিও দাবী কৰা দেখা গৈছে। এই সন্দৰ্ভত বিগত প্ৰায় ৬ বছৰ ধৰি ডিজিটেল সাংবাদিকতাৰ সৈতে জড়িত ৰাজ্যখনৰ এগৰাকী যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি ধনন্তৰিয়ে কয়, 'পূৰ্বতে নিউজ পৰ্টেলৰ পঞ্জীয়ন এমইআইটি অৰ্থাৎ মিনিষ্ট্ৰি অব ইলেকট্ৰনিকছ এণ্ড ইনফৰমেছন টেকন’লজিৰ অধীনত কেৱল ডমেইন ৰেজিষ্ট্ৰেশ্যনতে সীমাৱদ্ধ আছিল। ২০২১ চনত ডিজিটেল সংবাদ প্ৰতিষ্ঠান আৰু অটিটি প্লেটফৰ্মসমূহক তথ্য-সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনলৈ আনিবলৈ নতুন অধিসূচনা জাৰি কৰা হয়। এতিয়া নতুন আইনখনৰ পিছত নিউজ পৰ্টেলৰ পঞ্জীয়নৰ বাবে এটা সংস্থা থাকিব।’
'বাতৰি কাকতৰ পঞ্জীয়নৰ বাবে আৰএনআই থকাৰ দৰে নিউজ পৰ্টেলৰ পঞ্জীয়নৰ বাবে গঠন কৰা হব প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেল। যদিহে বৰ্তমানৰ বাতৰি সত্য হয় তেন্তে নিউজ পৰ্টেলসমূহৰ পঞ্জীয়ন নম্বৰক চমুকৈ পিআৰজি বুলি কোৱা হ’ব। এই সন্দৰ্ভত আইন প্ৰণয়নৰ কৰ্তৃত্ব কেৱল কেন্দ্ৰ চৰকাৰৰ হাততহে থাকে। গতিকে ৰাজ্য চৰকাৰে ডিজিটেল মিডিয়াক নাকী লগাবলৈ আইন আনিব বুলি কৰি থকা প্ৰচাৰ মুঠেই শুদ্ধ নহয়। ৰাজ্য চৰকাৰে জনসংযোগৰ বিজ্ঞাপন প্ৰদান আৰু এক্ৰিডিয়েশ্যন প্ৰদানক লৈহে নীতি-নিয়ম যুগুত কৰিব পাৰিব।’- ডিজিটেল মিডিয়াৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত সাংবাদিকগৰাকীৰ মন্তব্য।
ধনন্তৰিয়ে আৰু কয়, 'বহুতে নিউজ পৰ্টেলৰ পঞ্জীয়নৰ বাবে কেবালাখ টকা দিব লাগিব বুলি কৈ আছে। কিন্তু আইনখন সন্দৰ্ভত যিমানদূৰ জানিব পৰা গৈছে, সেই অনুযায়ী ইয়াত পঞ্জীয়ন মাচুলৰ কোনো উল্লেখ নাই। যিদৰে বাতৰি কাকতৰ আৰএনআই পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ বিনামূলীয়া তেনেস্থলত নিউজ পৰ্টেলৰ পঞ্জীয়ন প্ৰক্ৰিয়াও সম্পূৰ্ণ বিনামূলীয়া হোৱাৰ সম্ভাৱনাই অধিক। অৱশ্যে সংশোধনী বিধেয়কত বাতৰি কাকত আৰু নিউজ পৰ্টেল উভয়ৰে পঞ্জীয়নত এইবাৰ সামান্য পৰিমাণৰ মাচুল নিৰ্ধাৰণ কৰাৰ সম্ভাৱনাও নথকা নহয়। কিয়নো বৰ্তমানৰ চৰকাৰে এনেধৰণৰ নতুন কাম-কাজসমূহৰ অধিকাংশ ক্ষেত্ৰতে মাচুল আৰোপ কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু মাচুল নিৰ্ধাৰণ কৰিলেও সেয়া নীতি-সংগত কাৰণতে লাখ টকা হোৱাৰ সম্ভাৱনা প্ৰায় শূন্য বুলিব পাৰি।’
ধনন্তৰিয়ে আৰু কয় যে যিদৰে আৰএনআই থকাৰ পিছতো সমগ্ৰ দেশতে বহু বাতৰি কাকত আৰু আলোচনী আৰএনআই নম্বৰ অবিহনে প্ৰকাশ পাই আহিছিল ঠিক তেনেকৈ নিউজ পৰ্টেলৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতো পঞ্জীয়ন অবিহনেও নিউজ পৰ্টেলসমূহ চলি থাকিব পাৰিব। অৱশ্যে চৰকাৰী বা-বাতৰি প্ৰকাশ কৰাৰ ক্ষেত্ৰত আৰু প্ৰকাশিত বাতৰিক লৈ আইনী মেৰ-পেছত সোমাই পৰিলে উক্ত নিউজ পৰ্টেলৰ প্ৰকাশকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাতো চৰকাৰ-প্ৰশাসনৰ পক্ষে সহজ হৈ পৰিব বুলিও মন্তব্য কৰে ধনন্তৰিয়ে।