76
বেতবাৰীঃ ৰাজ্য খনত সাহিত্য-সংস্কৃতিৰ চৰ্চা অব্যাহত ৰখাৰ তথা যুৱ প্ৰজন্মক সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে উজনি অসমৰ পৰা প্ৰকাশ পাব ‘ৰ’দালিৰ ছাঁ’ নামৰ এখন আলোচনী৷ সাহিত্যৰ জগতত নতুন সংযোজন হ’বলগীয়া ‘ৰ’দালিৰ ছাঁ’ প্ৰকাশ পাব ১৯ নৱেম্বৰত।
অৰুণোদইৰ জন্মস্থান ঐতিহাসিক শিৱসাগৰত অহা ১৯ নৱেম্বৰত শিৱসাগৰৰ ঠানুৰাম গগৈ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উন্মোচন হ’ব আৰ্থ-সামাজিক, শিক্ষা, সাহিত্য আৰু সাংস্কৃতিক বিষয়ক দ্বি-মাসিক আলোচনী খন।