aawsat.com
aawsat.com

বেতবাৰীঃ ৰাজ্য খনত সাহিত্য-সংস্কৃতিৰ চৰ্চা অব্যাহত ৰখাৰ তথা যুৱ প্ৰজন্মক সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে উজনি অসমৰ পৰা প্ৰকাশ পাব ‘ৰ’দালিৰ ছাঁ’ নামৰ এখন আলোচনী৷ সাহিত্যৰ জগতত নতুন সংযোজন হ'বলগীয়া ‘ৰ’দালিৰ ছাঁ’ প্ৰকাশ পাব ১৯ নৱেম্বৰত।

অৰুণোদইৰ জন্মস্থান ঐতিহাসিক শিৱসাগৰত অহা ১৯ নৱেম্বৰত শিৱসাগৰৰ ঠানুৰাম গগৈ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উন্মোচন হ'ব আৰ্থ-সামাজিক, শিক্ষা, সাহিত্য আৰু সাংস্কৃতিক বিষয়ক দ্বি-মাসিক আলোচনী খন।

সামাজিক মাধ্যম 'ফেচবুক'ত চিনাকি হোৱা কেইগৰাকীমান সাহিত্যনুৰাগীৰ প্ৰচেষ্টাত প্ৰকাশ পাবলগীয়া আলোচনীখন উন্মোচন কৰিব সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তই। বিদ্যালয়খনৰ অধ্যক্ষা তথা সাহিত্য সংগঠক স্বৰ্নজ্যোতি বৰবৰাই বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰিব অনুষ্ঠানৰ৷

শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া শাৰদী গগৈয়ে উদ্বোধন কৰিবলগীয়া উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড০ জীৱন কলিতা আৰু মৰাণ মহিলা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অৰুণ বৰুৱাই। আলোচনীখনৰ কাৰ্যবাহী সম্পাদক অভিজিৎ ভূঞাই দিনৰ এঘাৰ বজাত অনুষ্ঠিত হ’বলগীয়া উন্মোচনী অনুষ্ঠানত সাহিত্যনুৰাগীৰ উপস্থিতি কামনা কৰিছে।