ডিজিটেল ৰিপ’ৰ্টঃ ‘জোন জ্বলে কপালত’, ‘মা তুমি অনন্যা’, ‘প্ৰিয়া মিলন’, ‘জোনাক বিহীন জীৱন’, ‘জীৱন নদীৰ দুটি পাৰ’, ‘অন্তহীন যাত্ৰা’ আদিৰ দৰে জনপ্ৰিয় ছবি উপহাৰ দি অহা জনপ্ৰিয় আৰু প্ৰতিভাশালী পৰিচালক ‘মুন্না আহমেদ’ৰ নতুন ছবি ‘নিজানৰ গান’ৰ শ্বুটিং পূৰ্ণ গতিত চলি আছে।
ছবিখনৰ মনোমোহা নামটোৱে ইতিমধ্যে দৰ্শকৰ পৰা সীমাহীন সহাৰি লাভ কৰিছে। ‘এ আৰ ইন্টাৰনেচনেল’ বেনাৰত ছবিখন প্ৰযোজনা কৰিবলৈ আগবাঢ়ি আহিছে সংস্কৃতিৱান ব্যৱসায়ী উদ্যমী যুবক ‘হাইদৰ আলম আজাদে। আজিকালি বিশেষকৈ দেখা যায় যে, ‘ফিল্ম মেকিং’ৰ একো নজনা বহুতো প্ৰযোজকে ছবি নিৰ্মাণ কৰিবলৈ আহে, ছবিখন নিৰ্মাণ কৰিবলৈ পইচা দিয়াহে প্ৰযোজকৰ কাম বুলি ভাৱে।