71
বঙাইগাঁওঃ লকডাউনৰ অন্ত পৰিবলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাতে অসমত পুনৰ দুজনকৈ লোকৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ। স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে জনোৱা মতে বঙাইগাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ দেহত আজি ধৰা পৰিছে কৰ’না ভাইৰাছৰ উপস্থিতি।
আনহাতে, গোৱালপাৰাতো এজন লোকৰ দেহত বিয়লিৰ ভাগত ধৰা পৰে কৰ’না পজিটিভ। লোকজনৰ পজিটিভ ধৰা পৰাৰ সৈতে আছে নিজামুদ্দিনৰ সম্পৰ্ক।