নতুন দিল্লীঃ কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যাই অৱশেষত পাৰ কৰিলে ১০০০ৰ সীমা। বুধবাৰে পুৱাৰ ভাগলৈকে ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১০০৭ জন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰিসংখ্যা অনুযায়ী যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৭৩ জন লোকৰ। 

দেশত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে দ্ৰুত গতিত। লকডাউন অব্যাহত থকা সত্বেও বাঢ়িয়েই আছে কৰ’না পজিটিভৰ ঘটনা। এই অনুযায়ী এই পৰ্যন্ত ভাৰতত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩১ হাজাৰ ৩৩২ জন। যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ১৮৯৭ জন। এই সময়ছোৱাত সুস্থ হৈ উঠিছে ৭৬৯৫ গৰাকী ৰোগী।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে আক্ৰান্তৰ শীৰ্ষত থকা ৩ ৰাজ্য হৈছে মহাৰাষ্ট্ৰ, গুজৰাট আৰু দিল্লী। এই ৩খন ৰাজ্যক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে প্ৰশাসন। মহাৰাষ্ট্ৰত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪০০ জনকৈ লোকৰ, আক্ৰান্ত হৈছে ৯ হাজাৰ ৩১৮ জনকৈ লোক।

ইফালে, মুম্বাইত ১০৭ গৰাকী আৰক্ষীৰ জোৱান কৰ’নাত আক্ৰান্ত হোৱাত ৰাজ্যখনত সৃষ্টি হৈছে এক জটিল পৰিৱেশ। ৩জনকৈ আৰক্ষীৰ ইতিমধ্যে মৃত্যুও ঘটিছে। আনহাতে দিল্লী কৰ’না পজিটিভ ধৰা পৰিছে অতিকমেও ১০০জনকৈ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দেহত। পশ্চিমবংগ আৰু মধ্যপ্ৰদেশতো চিকিৎসক আৰু স্বাস্থ্যকৰ্মী আক্ৰান্ত হোৱাত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যদুখনৰ স্বাস্থ্য বিভাগ।

ওড়িশাতো নতুনকৈ এজনৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰিছে। অসমতো ৫ দিনৰ অন্তত দুজনকৈ লোক আক্ৰান্ত হৈছে কৰ’নাত। এনেদৰে লকডাউন সত্বেও নতুনকৈ বহু স্থানত কৰ’না আক্ৰান্ত ধৰা পৰাত চিন্তিত হৈ পৰিছে সকলো। বিশেষকৈ নতুনকৈ লোক আক্ৰান্ত হৈ থাকিলে লকডাউন আৰু দীঘলীয়া হোৱাৰ আশংকাই সকলোকে হতাশ কৰি তোলা পৰিলক্ষিত হৈছে।