গুৱাহাটীঃ স্তনৰ কেঞ্চাৰৰ চিকিৎসাৰ সুবিধাৰ বাবে ৰাছিয়াই প্ৰথমটো যন্ত্ৰ উদ্ভাৱন কৰিবলৈ স্বাবে হ’ল্ডিং (ৰছটেক ষ্টেট কৰ্পৰেশ্যনৰ অংশ) আৰু পীটাৰ দ্য গ্ৰেট ছেইন্ট পীটাৰ্ছবাৰ্গ পলিটেকনিক ইউনিভাৰ্ছিটিয়ে একেলগে কাম কৰিছে। এই নতুন হাই-ইন্টেনছিটি ফকাছ আল্ট্ৰাছাউণ্ড (এইছ আই এফ ইউ) ব্যৱস্থাৰনিৰ্মাণ নভ’ছিবিৰ্সক ইন্সট্ৰুমেন্ট-মেকিং প্ৰকল্প আৰু প্ৰথম প্ৰট’টাইপছ ২০১৯ চনৰ শেহৰ ফাললৈ নিৰ্মান কৰা হ’ব।
হাৰ্ডৱেৰ আৰু ছফটৱেৰ দুয়োটাই অন্তৰ্ভুক্ত থকা, এইছ আই এফ ইউ ব্যৱস্থাত, হাই-ইন্টেনছিটি আল্ট্ৰাছাউণ্ডৰ ব্যৱহাৰেৰে স্তনগ্ৰন্থীৰ টিউমাৰৰ চিকিৎসা আৰু ৰোগ নিৰ্ণয় কৰিব পৰাকৈ আৰ্হি প্ৰস্তুত কৰা হৈছে। এই ব্যৱস্থাত পাৱাৰ মডিউল, মণিটৰ আৰু কন্ট্ৰল পেনেলৰ সৈতে মেডিকেল ষ্টেণ্ড, ৰবটিক মেনিপুলেটৰ ইউনিট, চিকিৎসা আৰু ৰোগ নিৰ্ণয়ৰ বাবে যুটীয়া আল্ট্ৰাছনিক পিজ’ইলেক্ট্ৰিক ট্ৰেন্সডিউচাৰ অন্তৰ্ভুক্ত কৰা হৈছে। “চিকিৎসাৰ সামগ্ৰীৰ ক্ষেত্ৰত ৰছটেকে নিয়মীয়াকৈ ইয়াৰ সম্প্ৰসাৰণ ঘটাইছে। ৰাছিয়াৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ অংশীদাৰিত্বৰ সৈতে আমি জীৱন ৰক্ষাকাৰী হাই-টেক চিকিৎসা সঁজুলি নিৰ্মাণ কৰি আহিছো। কেনচাৰৰ চিকিৎসাৰ বাবে এক অন্যতম সুৰক্ষিত চিকিৎসা হ’ল নন-ইনভেছিভ চিকিৎসা। আমাৰ এইছ আই এফ ইউ ব্যৱস্থা আন বিদেশী এনালগৰ তুলনাত বিভিন্ন ক্ষেত্ৰত আগবঢ়া। এই যন্ত্ৰব্যৱহাৰ কৰিবলৈ অধিক সহজ আৰু কম পৰিসৰৰ।” ৰছটেকৰ কাৰ্যবাহী সঞ্চালক অলেগ ইভটোছেংকোৱে কয়।