গোলাঘাট ১৩ মেঃ আজিৰে পৰা সমগ্ৰ ৰাজ্যখনত ক’ভিড-১৯ ৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেতবোৰ নিয়ম বান্ধি দিছে ৷ সেই নিয়ম সমহূৰ ভিতৰত পূৰ্বৰ দিনৰ ২ বজাৰ সলনি এতিয়াৰে পৰা ১ বজাত বজাৰ,হাট,দোকান আদি বন্থ কৰিব লাগিব আৰু বিয়লি ৫ বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হ’ব ৷ লগতে চৰকাৰী বা বেচৰকাৰী সকলো কাৰ্যালয় পোন্ধৰ দিনলৈ বন্ধ থাকিব ৷ অৱশ্যে জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়া সকল ক’ভিড-১৯ ৰ নিয়ম মানি আহিব লাগিব ৷ প্ৰত্যেক গৰাকী কৰ্মচাৰীয়ে মুখত মাস্ক আৰু হাতত চেনিটাইজাৰ তথা বীজাণু নাশক চাবোনেৰে হাত ধুই থাকিব লাগিব ৷
বিজ্ঞপ্তি খনত এইটো কথাও কোৱা হৈছে যে আজিৰে পৰা ৰাজ্য খনত যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বাহন হে চলাচল কৰিব পাৰিব ৷ অৰ্থাৎ যি সকল ব্যক্তিৰ বাহনৰ শেষৰ নম্বৰ ১,৩,৫,৭,৯ এই বোৰ অযুগ্ম আৰু যি সকলৰ বাহনৰ শেষৰ নম্বৰ ২,৪,৬,৮ এইবোৰ যুগ্ম এনেধৰণে প্ৰতিখন জিলা উপায়ুক্তই পৰিবণ বিভাগৰ সৈতে লগ লাগি তদাৰক কৰিব ৷