58
কামপুৰ গাৰুখুন্দা স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ বিলৈ
এইবাৰ পোহৰলৈ আহিছে স্বাস্থ্য বিভাগৰ আন এক ক’লা অধ্যায়। গ্ৰামাঞ্চলৰ চিকিৎসালয়ত চিকিৎসকৰ বিপৰীতে ৰোগীক চিকিৎসা প্ৰদান কৰে ফাৰ্মাচিষ্টে। আনহাতে ৰোগীৰ ব্যৱস্থা পত্ৰও লিখি দিয়ে ফাৰ্মাচিষ্ট প্ৰাণ বল্লভ চৰকাৰ নামৰ ফাৰ্মাচিষ্ট জনে। সোমবাৰে পপী বৰা নামৰ এগৰাকী ডায়েৰীয়া হোৱা ৰোগীক চিকিৎসাৰ বাবে গাৰুখুন্দা স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয়৷