ৰাজ্যখনত বৰ্দ্ধিত ক’ভিড ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কালিৰে পৰা প্ৰযোজ্য হোৱাকৈ আজি পুণৰ নতুন কৈ এলানি নিৰ্দ্দেশাৱলী ৰাজ্য চৰকাৰৰ সহযোগত প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰিছে ৷ আজি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ই উক্ত নিৰ্দ্দেশাৱলী ৰ বিষয়ে সদৰি কৰে ৷ কাইলৈৰ পৰা সমগ্ৰ ৰাজ্য খনতে বলবৎ হ’ব এখন নতুন ক’ভিড নিৰ্দ্দেশনা ৷
গোৱালপাৰা,গোলাঘাট, লক্ষীমপুৰ,যোৰহাট,বিশ্বনাথ চাৰিআলি,শোণিতপুৰ আৰু মৰিগাওঁ কে আদি কৰি এই সাতখন জিলা কন্টেইনমেন্ট জিলা হিচাপে চিহ্নিত কৰা হৈছে ৷ এই সাতখন জিলাত যোৱা দহটা দিনত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কন্টেইনমেন্ট জিলা হিচাপে চিহ্নিত কৰা হৈছে ৷ সেয়ে কন্টেইমেন জিলা হিচাপে চিহ্নিত হোৱা এই কেইখন জিলাত চৰকাৰী, বেচৰকাৰী কাৰ্যালয় তথা সকলো প্ৰতিষ্ঠান বন্ধ থাকিব ৷