গোলাঘাটঃ ৰাজ্যখনত ক’ভিড-১৯ ভাইৰাছ জনিত সংক্ৰমনৰ বিৰুদ্ধে চৰকাৰ তথা জনসাধাৰনে ঐক্যবদ্ধভাৱে যুজ কৰি থকাৰ বাবে আজি ৰাজ্যখনৰ ক’ভিড সংক্ৰমন লাহে লাহে হ্ৰাস পোৱাটো পৰিলক্ষিত হৈছে৷ চৰকাৰৰ সৈতে এই যুজখনত ৰাজ্যখনৰ বিভিন্ন সমাজসেৱী অনুস্থান অহৰহভাৱে কাম কৰি অহা দেখা গৈছে৷
আজি ঠিক তেনেকুৱা উদ্দেশ্যৰেই গোলাঘাটৰ এক অগ্ৰণী বেচৰকাৰী সংগঠন প্ৰয়াস উন্নয়ন সমিতিয়ে আজি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক সাক্ষাৎ কৰি জিলাখনৰ ক’ভিড যোদ্ধাসকল আৰু জনসাধাৰনৰ সুবিধা হোৱাকৈ তেখেতৰ হাতত কিছুসংখ্যক মাস্ক, গ্ল’ভছ, চেনিটাইজাৰ আৰু পি পি ই কিট অৰ্পণ কৰে।