হায়দৰাবাদঃ তেলেংগানাৰ ৱাৰেংগাল ৰুৰেল জিলাৰ গৰেকুণ্টা গাঁৱত থকা এটা কুৱাৰ পৰা উদ্ধাৰ হৈছে এটা প্ৰবাসী শ্ৰমিক পৰিয়ালৰ ৬ জন সদস্যসহ মুঠ ৯ জনকৈ লোকৰ মৃতদেহ। বাকী ৩ জনৰ এজন হৈছে ত্ৰিপুৰাৰ আৰু দুজন বিহাৰৰ। উদ্ধাৰ হোৱা ৯ টা মৃতদেহৰ ভিতৰত এটি তিনি বছৰীয়া শিশুৰো মৃতদেহ আছে।
আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে কুৱাটোৰ পৰা ৪ টা মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ পিছত শুকুৰবাৰে পুনৰ আন ৫ টা মৃতদেহৰ সম্ভেদ পাই পাম্পৰ সহায়ত পানী সিঁচি সেয়া উদ্ধাৰ কৰে আৰক্ষীয়ে। উদ্ধাৰ হোৱা মৃতদেহকেইটাৰ শৰীৰত কোনো আঘাতৰ চিন দেখা পোৱা হোৱা নাই বুলি জনাইছে অনুসন্ধানকাৰী আৰক্ষীয়ে।