অভয়াপুৰীঃ বঙাইগাওঁ জিলাৰ অভয়াপুৰী গান্ধী ময়দানত ২ জুলাই পৰা ৩১ জুলাই লৈ অনুষ্ঠিত হ’ব নিৰ্মালী ট্ৰফী ফুটবল প্ৰতিযোগীতা। অসমৰ বিভিন্ন প্ৰান্তৰ বছা-বছা ফুটবল দলৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত হ’ৱ লগীয়া নিৰ্মালী ট্ৰফী ফুটবল প্ৰতিযোগিতাখন আয়োজন কৰিছে ব্ৰাইট ষ্টাৰ ছ’চিয়েল অৰ্গেনাইজেশ্যন আৰু এছিয়ান কিডছ ইংলিছ স্কুলে। 

উল্লেখ্য যে অৰ্কষণীয় ফুটবল প্ৰতিযোগিতখনত যোগদান কৰিব খোজা ইচ্ছুক দল সমুহে ৮৮২২৩-৩৪৪৯৯ ফোন নম্বৰত যোগাযোগ কৰিবলৈ খেল পৰিচালনা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকে এক প্ৰেছ বিবৃত্তি যোগে আহ্বান জনাইছে ।