ডিজিটেল ডেস্কঃ ভংগ হ’ল বিহাৰৰ মহামিত্ৰজোঁট। লালুপ্ৰসাদৰ মন্তব্যৰ পিছতে বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ কথা কথা ঘোষণা কৰে নীতিশ কুমাৰে। এই অনুযায়ী ৰাজ্যপাল কেশৰী নাথ ত্ৰিপাঠীক সাক্ষাৎ কৰি পদত্যাগপত্ৰ দাখিল কৰে নীতিশে।
বিহাৰত নীতিশৰ দলৰ সহযোগী আৰ জে ডিৰ মূৰব্বী লালুপ্ৰসাদৰ বাসগৃহত চিবিআইয়ে অভিযান চলোৱাৰ পিছতে মহামিত্ৰজোটক লৈ বৃদ্ধি পাইছিল জল্পনা-কল্পনা। বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা লালুপ্ৰসাদৰ পুত্ৰ তেজস্বী যাদৱৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠাৰ পিছতে জে ডি ইউৰ সদস্যসকলে ভিতৰি তেওঁৰ পদত্যাগ দাবী কৰিছিল।