জিঅ’ৰ কৃপাত ভাৰতীয়সকলৰ অধিকাংশই এতিয়া পূৰ্বতকৈ বহু কম খৰছত ইণ্টাৰেনটৰ ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। এটাৰ পিছত এটাকৈ অফাৰেৰে গ্ৰাহকসকলক ধৰি ৰাখি ব্যৱসায়ীক কোনো ক্ষতি নোহোৱাকৈ গ্ৰাহকক সন্তুষ্ট কৰি ৰাখিবলৈ পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে মুকেশ আম্বানিয়ে। বিনামূলীয়া ৪ জি সেৱাৰ পিছত এইবাৰ প্ৰতিষ্ঠানটোৱে দিবলৈ ওলাইছে ৪ জি ফোন।
ভিতৰুৱা উদ্দেশ্য যিয়েই নহওক কিয়, শুকুৰবাৰে অনুষ্ঠিত ৰিলায়েন্স জিঅ’ৰ বাৰ্ষিক অনুষ্ঠানত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে আম্বানিয়ে। তেওঁ কৈছে যে প্ৰতিজন ভাৰতীয় বিশেষকৈ নৱ প্ৰজন্মই বৰ্তমান আঙুলিৰ টিপতে সকলো তথ্য আহৰণ কৰিব পৰাকৈ সুবিধা পোৱা উচিত। এয়া সময়ৰ আহ্বান বুলি উল্লেখ কৰি তেওঁ জিঅ’ ৪জি ফোন প্ৰসংগত উল্লেখ কৰিছে ডিজিটেল স্বাধীনতাৰ কথা। দেশৰ ৫০ কোটি ফিচাৰ ফোন ব্যৱহাৰকাৰী আজিও ন্যুনতম ইণ্টাৰনেট সেৱাৰ পৰা বঞ্চিত বুলিও নিজৰ ভাষণত আম্বানীয়ে সদৰী কৰে।