গোৰেশ্বৰঃ বাগসা জিলাৰ মছলপুৰ সংমণ্ডলৰ অন্তৰ্গত গোৰেশ্বৰ শাখা পানী যোগান আঁচনিৰ অন্তৰ্গত গোৰেশ্বৰ-শুক্লাই-মহৰিপাৰা আদি বৃহত্তৰ অঞ্চলত সৰ্বসাধাৰণ ৰাইজৰ বাবে নিৰ্মাণ হোৱা পানী যোগান আঁচনিসমূহ বিকল হৈ থকাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক ৱাহেদৰ ৰহমানে।
এক প্ৰেছ বিবৃতিত ৰহমানে কয় যে যিটো সময়ত গাঁৱে-ভূঞে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত পৰিবৰ্তনকামী চৰকাৰে ঢাক-ঢোল বজাই আহিছে, তেনে সময়তে গোৰেশ্বৰ-শুক্লাই-নাওকাটা অঞ্চলত ৮০ টাতকৈ অধিক নিৰ্মীয়মান পানীযোগান আঁচনিৰ প্ৰায়ভাগে নিষ্ক্রিয় অৱস্থাতে আছে। ইয়াৰ উপৰি বৃহত্তৰ গোৰেশ্বৰ অঞ্চলটোৰ অনেক স্থানত ভূ-গৰ্ভৰ পানী অধিক আইৰণযুক্ত।