মঙলদৈঃ অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়সমুহৰ গুণগত মান নিৰ্ণয়ৰ বাবে গুণোত্সৱ পাতিলেও বহুতো বিদ্যালয়ত গুণতো বাদেই, শিক্ষকেই নাই। এনেই এখন বিদ্যলয় হৈছে দৰং জিলাৰ নাহৰবাৰীৰ কুৱৰীগাঁও প্ৰাথমিক বিদ্যালয়।
বিদ্যালয়খনত যোৱা শুক্ৰবাৰৰ পৰা এজনো শিক্ষক উপস্থিত নথকাত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈ পৰিছে। বিদ্যালয়খনত এগৰাকী প্ৰধান শিক্ষক, দুগৰাকী সহঃশিক্ষক আৰু তিনিগৰাকী শিক্ষক থকাৰ পিছতো কিন্তু শিক্ষক বিচাৰি ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত পাঠগ্ৰহণৰ পৰা বিৰত থাকিবলগীয়া হৈছে।