ডিজিটেল ডেস্কঃ মন গ’লেই অকলেই উৰি ফুৰিব আপুনি৷ মানুহৰ উৰি ফুৰাৰ সপোন দিঠক হ’ব কেইদিনমানতেই৷ হয়, চিলিকন ভেলীৰ এক প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছে এনে এক উৰি ফুৰা আহিলা৷

"কিটি হাক" নামৰ প্ৰতিষ্ঠানটোৱে কেইদিনমানৰ পিছতেই বজাৰত মুকলি কৰিব এনে এক বিশেষ বাক্তিগত ফ্লাইং মেছিন৷ তদুপৰি প্ৰতিষ্ঠানটোৱে গুগলৰ সহ সংস্থাপক লৈৰী পেজৰো সমৰ্থন লাভ কৰিছে৷

এখন আসন যুক্ত উক্ত বাহনখনৰ ওপৰত মকৰাৰ জালৰ দৰে এখন প্লেটফৰ্ম আছে য’ত যাত্ৰীয়ে উঠি যাত্ৰা কৰিব পাৰিব৷

১০০ কেজি ওজনৰ বাহনখনে বিমানবোৰৰ দৰে মাটিৰ পৰা একেবাৰতে উৰিব পাৰিব৷ উক্ত উৰন্ত বাহনখনৰ গতিবেগ হৈছে ঘণ্টাত ৪০ কিলোমিটাৰ।