গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰে আইন-শৃংখলা পৰিস্থিতৰ দোহাই দি ২০১৮ চনৰ ৩১ জুলাইলৈ এনআৰচিৰ খচৰা প্ৰকাশৰ দিন পিছুৱাই দিবলৈ উচ্চতম ন্যায়লয়ক আবেদন জনাই যদিও বৃহস্পতিবাৰে চৰকাৰৰ এই আবেদন খাৰিজ কৰে উচ্চতম ন্যায়লয়ে৷
আনহাতে চৰকাৰ তথা সকলো পক্ষৰ জল্পনা-কল্পনাৰ অৱসান ঘটাই পূৰ্বে নিৰ্ধাৰিত ২০১৭ চনৰ ৩১ ডিচেম্বৰতে এনআৰচিৰ খচৰা প্ৰকাশৰ দিন ধাৰ্য কৰে উচ্চতম ন্যায়লয়ে৷ বিচাৰপীঠ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনে শুনানি গ্ৰহণ কৰি কেন্দ্ৰ-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ যদি চৰকাৰে এনআৰচিৰ কাম কৰিব নোৱাৰে তেনে হাত দাঙিবলৈও কয় ন্যায়লয়ে৷