কোকৰাঝাৰঃ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ বাবে ৩১ ডিচেম্বৰৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়াত আগন্তুক চাৰিমাহ খিলঞ্জীয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় বুলি মন্তব্য কৰি আছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কাম ক্ষিপ্ৰ আৰু নিখুঁতভাৱে কৰাৰ স্বাৰ্থত জিলা উপায়ুক্তৰ নেতৃত্বত দায়বদ্ধ বিষয়াৰ গোট গঠনৰ দাবী উত্থাপন কৰিছে।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ সন্দৰ্ভত আজি কোকৰাঝাৰ জিলা আছুৰ সভাপতি সুবোধ ৰায় আৰু সাধাৰণ সম্পাদক সবিন শৰ্মা স্বাক্ষৰিত এক স্মাৰকপত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰি আছুৱে উক্ত দাবী উত্থাপন কৰিছে।