মিছামাৰীঃ শোণিতপুৰ জিলাৰ মিছামাৰী সমবায় সমিতিৰ ২০১৭-২০১৮ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন আজি সমবায়ৰ প্ৰাংগনত অনুষ্ঠিত হৈ যায়। সমবায়টোৰ স্থায়ী সভাপতি হলিৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাপতিৰ আসন গ্ৰহণৰ পাছতে সভাৰ উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই সম্পাদক পৰশুৰাম উপাধ্যায়ে।
সাধাৰণ সভাৰ তৃতীয় কাৰ্যসূচী মতে পুৰণা কমিটিৰ পদত্যাগ আৰু নতুন সঞ্চালক মণ্ডলী গঠন কৰা হয়। যোৱা ১ ছেপ্তেম্বৰত নতুন সঞ্চালক কমিটিৰ সদস্যৰ বাবে আবেদন গ্ৰহণ কৰা আৰু সেইদিনাই উক্ত আবেদন সমূহ পৰীক্ষা কৰি বৈধ হোৱা আবেদনৰ আবেদনকাৰী সকলৰ নামবোৰ আজিৰ সাধাৰণ সভাত ঘোষণা কৰা হয়।