newsnextone.com | তামুলপুৰঃ ১৯৪২ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দক্ষিণ-পূব এচিয়াত মুক্তি বাহিনী গঠিত হৈছিল। জাপানৰ সহায়ত ভাৰতৰ পৰা ইংৰাজক খেদিবৰ বাবে আৰু সমগ্ৰ ভাৰতৰ স্বাধীনতা হস্তগত কৰাৰ বাবে গঠন হৈছিল আজাদ হিন্দ ফৌজ বা জাতীয় মুক্তি বাহিনী।কিন্তু আজাদ হিন্দ ফৌজৰ পৰিয়ালক স্বাধীন ভাৰতত অপমান কৰা হৈছি বুলি অভিযোগ উত্থাপন হৈছে। কিয়নো এনআৰচিৰ দ্বিতীয়খন সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰিছে এগৰাকী মুক্তি যুজাৰুৰ পৰিয়ালৰ নাম।
আজাদ হিন্দ ফৌজৰ সেনানী পূৰ্ণ বাহাদুৰ চেত্ৰীৰ পৰিয়ালৰ নাম বাদ পৰিছে ৷ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ পাহাৰপুৰত বসবাস কৰা আজাদ হিন্দ ফৌজৰ সেনানীৰ পৰিয়ালৰ নাম বাদ পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অসমীয়া জাতিৰ দলিল স্বৰূপ এনআৰচিৰ দ্বিতীয় সম্পূৰ্ণ খচৰাৰ পৰা আজাদ হিন্দ ফৌজৰ সেনানী পূৰ্ণবাহাদুৰ চেত্ৰীৰ পৰিয়ালৰ নামৰ বাদ পৰে ৷