newsnextone.com | গুৱাহাটীঃ ৩০ জুলাইৰ পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা মুকলি কৰাৰ পিছতে দেশত আৰম্ভ হৈছে ৰাজনীতি। ৩০ জুলাইৰ পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে। ৪০ লাখ লোকে বাদ পৰা খবৰ প্ৰচাৰ হোৱাৰ পিছতে দেশৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
তাৰ লগে লগেই বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ এদিন পিছতে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনআৰচিৰ ক্ষেত্ৰত ত্ৰিপুৰাৰ একো দাবী নাই বুলি কয়।