কোকৰাঝাৰঃ বিটিএডিৰ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো সাধাৰণ লোকৰ নিৰাপত্তা নিশ্চিত হোৱাটো দূৰৰ কথা খোদ চৰকাৰৰ কৰ্মচাৰী তথা এনআৰচিত নিয়োগ কৰা বিষয়াক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ পুনৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি এগৰাকী চৰকাৰী বিষয়াক অপহৰণ আৰু হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিটিএডিৰ সদৰ জিলা কোকৰাঝাৰৰ আবকাৰী উপ-পৰিদৰ্শক নাৰায়ন বৰালক ২ মে’ত জিলাখনৰ মাগুৰমাৰীৰ পৰা এনআৰচিৰ ডিউটি সামৰি ভাৰত ভূটান সীমান্তৰ সৰলপাৰাস্থিত নিজ গৃহলৈ আহি থকাৰ পথত সন্ধানহীন হৈ পৰে৷
তাৰ পিছতে নাৰায়ন বৰালৰ মৃতদেহ এদিন পিছত উল্টাপানী বনাঞ্চলৰ পথৰ দাঁতিত উদ্ধাৰ হোৱাৰ ঘটনাাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কি পৰিস্থিতিত কোনে আবকাৰী উপ-পৰিদৰ্শক গৰাকীক হত্যা কৰিলে সেয়া অদ্যপি ৰহস্যৰ আৱৰ্তত যদিও অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে হত্যা কৰি জংঘলৰ পথৰ দাঁতিত মৃতদেহটো মটৰচাইকেল সহিতে পেলাই থৈ মটৰচাইকেল দুৰ্ঘটনাৰ ৰূপ দিব বিচৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।