খাৰুপেটীয়াঃ দৰং জিলাৰ খাৰুপেটীয়াৰ অচিন তলাত এগৰাকী নাৰ্ছৰ আত্মাহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ খাৰুপেটীয়াৰ নিকটৱৰ্তী শ্যামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জি এন এম জুৰিয়ানা বেগম (২৮) নামৰ নাৰ্ছগৰাকীয়ে ভাৰাঘৰত চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয়।
ছিপাঝাৰ বেহপাৰা গাঁৱৰ জুৰিয়ানা বেগম আৰু হবিবুৰ ৰহমান নামৰ যুৱক-যুৱতী হালে স্বামী-স্ত্ৰী হিচাপে পৰিচয় দি আজি দুবছৰ মানৰ পৰা অচিনতলাত থকা চিৰাজুলৰ হক নামৰ লোকজনৰ ঘৰত ভাৰাতীয়া হিচাপে বসবাস কৰি আহিছিল।