63
ডিজিটেল ডেস্কঃ নিউয়ৰ্ক চিটি পুলিচৰ এছিয়ান আমেৰিকান আৰক্ষী বিষয়া ৱেনঝিয়ান লিউ আৰু তেওঁৰ পত্নী পেই জিয়া চেন। সুখৰ সংসাৰ আৰম্ভ কৰাৰ কেইমাহমান হৈছিলহে। পিছে তেওঁলোকৰ সেই সুখ বেছিদিনীয়া হ’বলৈ নাপালে।
এদিন বন্দুকধাৰীৰ গুলীত কৰ্তব্যৰত অৱস্থাতে মৃত্যুক আকোৱালি লয় আৰক্ষী বিষয়া লিউৱে। এয়া ২০১৪ চনৰ ডিচেম্বৰ মাহৰ ঘটনা। স্বামীৰ শেষকৃত্যৰ সময়ত চকুলো মচি মচি চেনে কৈছিল যে ৩২ বৰ্ষীয় লিউৱেই আছিল তেওঁৰ জীৱনৰ সকলো।