দুলীয়াজানঃ তিনিচুকীয়া জিলাৰ বাঘজানস্থিত ৫ নং তৈলক্ষেত্ৰত ১৪ দিন ধৰি তেল মিশ্ৰিত গেছ নিৰ্গত হৈ থকাৰ পিছত যোৱা মঙলবাৰে সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত তিষেশ্বৰ গোহাঁই (৫৫) আৰু দুৰ্লভ গগৈ (৩৪) নামৰ দুজন অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীৰ মৃত্যু হয়। ছিংগাপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজেষ্টাৰ কন্ট্ৰ’লৰ বিশেষজ্ঞৰ দলটোৱে পৰহি ক্ষেত্ৰ পৰিদৰ্শন কৰি গেছ প্ৰতিৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দি আহিছিল। সেই অনুযায়ী উক্ত স্থানত অইল ইণ্ডিয়া আৰু অ’ এন জি চিৰ প্ৰায় ৬০ জন কৰ্মচাৰীৰ লগত কৰ্মৰত আছিল মৃত তিষেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈ। 

অইল ইণ্ডিয়াই জনোৱা মতে বিস্ফোৰণ সংঘটিত হৈ প্ৰচণ্ড জুয়ে চৌপাশ আগুৰি ধৰাৰ লগে লগে উপস্থিত কৰ্মচাৰীসকল প্ৰাণৰ মমতাত যেনিয়ে-তেনিয়ে পলাই যায়। তাৰে তিনিজন কৰ্মচাৰীয়ে প্ৰাণ ৰক্ষা কৰিবলৈ গৈ কূপস্থলীৰ কাষতে থকা এটা জলাশয়ৰ বুকুত জাপ দিয়ে। ইয়াৰে এজন কোনোমতে জলাশয়টোৰ বুকুৰ পৰা পাৰলৈ উঠিবলৈ সক্ষম হয় যদিও অগ্নিনিৰ্বাপক বাহিনীৰ গধুৰ পোচাক পৰিহিত তিষেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈয়ে পাৰলৈ উঠি আহিব নোৱাৰাত মৃত্যু হয়। 

পৰিয়ালৰ পৰাও অইলে গোপনে ৰাখিছিল নিখোজ হোৱাৰ কথা

ঘটনা সংঘটিত হোৱাৰ কিছু পৰলৈকে এই ঘটনা কাৰোৰে জ্ঞাত নাছিল যদিও নিশালৈ দুয়োজন কৰ্মচাৰী নিখোজ হোৱাৰ ঘটনা পোহৰলৈ আহে। সেই অনুসৰি পুৱাৰ ভাগতে তাত উপস্থিত এন ডি আৰ এফৰ জোৱানে জলাশয়টোত অভিযান আৰম্ভ কৰে আৰু দিনৰ প্ৰায় ১০ বজাত দুয়োজন কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰথম অৱস্থাত অইল ইণ্ডিয়াৰ তৰফৰপৰা এজন অ’ এন জি চিৰ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে সামান্য আঘাতপ্ৰাপ্ত হোৱা বুলিহে প্ৰকাশ কৰিছিল। 

উত্থাপিত অভিযোগ অনুসৰি তিষেশ্বৰ গগৈ আৰু দুৰ্লভ গগৈৰ পৰিয়ালৰ লোকে নিশা পৰ্যন্ত অইল ইণ্ডিয়াৰ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়লৈ তেওঁলোকৰ বিষয়ে জানিবলৈ যোগাযোগ কৰি আছিল যদিও উক্ত কাৰ্যালয়টোৰ দায়িত্বত থকা বিষয়াই পৰিয়ালৰ লোককো কোনো কথা অৱগত কৰা নাছিল। এনে অভিযোগ উত্থাপন হোৱাৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰে পৰা উতপ্ত হৈ পৰে দুলীয়াজান। 

টাই আহোম ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, আছুৰ কৰ্মকৰ্তাসকলৰ লগতে অইলৰ স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক সংগঠন ইণ্ডিয়ান অইল ৱৰ্কাৰ্ছ ইউনিয়নৰ বিষয়ববীয়া, দুয়োজন কৰ্মচাৰীৰ পৰিয়ালৰ লোকৰ লগতে আত্মীয়¸ বন্ধু-বান্ধৱ উপস্থিত হৈ লোক দুজনৰ সন্ধান উলিওৱাৰ দাবীত অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ চৌহদ উত্তপ্ত কৰি তোলে। লগে লগে ঘটনাস্থলীত নামৰূপস্থিত উপ-আৰক্ষী অধীক্ষকৰ লগতে টেঙাখাত আৰু নাহৰকটীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া¸ দুলীয়াজান আৰক্ষী¸ অইল নিৰাপত্তা বাহিনী আৰু অৰ্ধসামৰিক বাহিনী ঘটনাস্থলীত মোতায়েন কৰাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। 


• নিহত দুৰ্লভ আৰু তিষেশ্বৰ

সেই সময়তে অগ্নিকাণ্ড সংঘটিত বাঘজান তৈলকূপৰ কাষৰে এটা জলাশয়ত এন ডি আৰ এফ বাহিনীৰ অভিযানত কৰ্মচাৰী দুজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বাতৰি লাভ কৰাত চহৰখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে কৰ্মচাৰীৰ দুজনৰ গৃহলৈ অনেক গুণমুগ্ধৰ সোঁত বয়। লগে লগে দুয়োখন ঘৰতেই পৰিয়াল তথা আত্মীয়-স্বজনৰ মাজত কান্দোনৰ ৰোল উঠে। ইয়াৰ মাজতে দুৰ্লভ গগৈৰ পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটাত স্থানীয় অইল ইণ্ডিয়া চিকিৎসালয়ত ভৰ্তি কৰাব লগা হয়। 

নামৰূপ দিল্লী গাঁৱৰ নিৱাসী তথা সমাজকৰ্মী ভৱ গগৈৰ একমাত্ৰ পুত্ৰ দুৰ্লভ আছিল এজন সুদক্ষ ফুটবল খেলুৱৈ। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলত অংশগ্ৰহণ কৰা গগৈয়ে বৰ্তমানলৈকে অইল ইণ্ডিয়া লিমিটেডৰ ফুটবল দলৰ গলৰক্ষক হিচাপে খেলি আছিল। প্ৰায় ছয়মাহ পূৰ্বে মাতৃক হেৰুৱা দুৰ্লভে চাকৰি সূত্ৰে অইলৰ এ টাইপৰ আৱাসী হোৱাৰ উপৰিও দুদিন আগলৈকে অৰুণাচলত কৰ্মৰত আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ কণমানি পুত্ৰ, দেউতাকসহ আত্মীয় কুটুমক ইহ সংসাৰত এৰি থৈ গৈছে। 

আনহাতে মৃত আনজন কৰ্মচাৰী তিষেশ্বৰ গোহাঁইৰ প্ৰকৃত ঘৰ চাবুৱাৰ ভৰলুৱা গাঁৱত যদিও চাকৰিসূত্ৰে দুলীয়াজানৰ হৰিহৰ পথত নিগাজিকৈ বাস কৰি আছিল। মৃত্যুৰ সময়ত কৰ্মচাৰীজনে পত্নী¸  দুজন পুত্ৰসহ অনেক গুণমুগ্ধক এৰি যায়। দুয়োজন নিষ্ঠাৱান কৰ্মচাৰীৰ মৃত্যুত দুলীয়াজানৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ব্যক্তি¸ দল-সংগঠনৰ লগতে অইল শ্ৰমিকসকলৰ স্বীকৃতিপ্ৰাপ্ত সংগঠন ইণ্ডিয়ান অইল ৱৰ্কাছ ইউনিয়নে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল দুটালৈ সমবেদনা জ্ঞাপন কৰিছে। 

বিশেষজ্ঞৰ বাবে এদিনত ব্যয় ২১ লাখ টকা

আজি সন্ধিয়া অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰই দুলীয়াজানৰ এম টি ডি চি প্ৰেক্ষাগৃহত এখন সংবাদ মেল সম্বোধন কৰে। বাঘজান কাণ্ডত নিহত দুই কৰ্মচাৰীক শ্বহীদ সম্বোধন কৰি দুই কৰ্মচাৰীৰ পৰিয়াললৈ তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰ লগতে পৰিয়াল দুটাত যদি কোনো অৰ্হতাসম্পন্ন প্ৰাৰ্থী আছে তেন্তে দুজনক অইল ইণ্ডিয়াত মকৰল কৰা হ’ব বুলি ঘোষণা কৰে। দুয়োজন কৰ্মচাৰীৰে শেষকৃত্য মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। 

আনহাতে, বাঘজানত সংঘটিত গেছ নিৰ্গমন বন্ধ কৰাৰ বাবে তৈলকূপটোত গঢ়ি তোলা আন্তঃগাথনি জুই জ্বলি উঠাৰ ফলত সম্পূৰ্ণ সলনি কৰিব লাগিব আৰু নিয়ন্ত্ৰণলৈ আনিবৰ বাবে প্ৰায় এমাহ সময়ৰ প্ৰয়োজন হ’ব বুলি অধ্যক্ষজনে ব্যক্ত কৰে। বৰ্তমানৰ তিনিজন বিশেষজ্ঞৰ উপৰি আৰু দুজন আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু এজন কানাডাৰ বিশেষজ্ঞক আমন্ত্ৰণ জনোৱা হৈছে আৰু তিনি-চাৰিদিনৰ ভিতৰত তেওঁলোক আহি পাবহি বুলি জানিবলৈ দিছে। 

মুঠ ৬ জন বিদেশী বিশেষজ্ঞৰ বাবে অইল ইণ্ডিয়াই প্ৰতিদিনে ৩২ হাজাৰ ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰতিদিনে প্ৰায় ২১ লাখ টকা ব্যয় হ’ব বুলি অধ্যক্ষ তথা পৰিচালন সঞ্চালকজনে প্ৰকাশ কৰে। এই সন্দৰ্ভত অইলৰ দুজন বিষয়াক নিলম্বন কৰা হৈছে বুলিও সদৰী কৰে তৈল প্ৰতিষ্ঠানটোৰ উৰ্ধতম কৰ্তৃপক্ষই।