দুলীয়াজানঃ কৰ্মচাৰী চাটাইক লৈ দুলীয়াজানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ নীতি বৰ্হিভূতভাৱে অইলৰ ৩৬ জন চাফাই কৰ্মীক চাটাই কৰাত অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে শ শ অইলৰ কৰ্মচাৰীয়ে সৰ্বাত্মক অইল বন্ধ কাৰ্যসূচী গ্ৰহণ কৰি দুলীয়াজানত উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে।
অৱশেষত উপায়ন্তৰ হৈ অইল কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসন চাফাই কৰ্মীসকলৰ সৈতে আলোচনাত বহিবলৈ বাধ্য হয়। পুৱা ৮ বজাৰ পৰা অইলৰ জনস্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলে উদ্যোগটোৰ সকলো কাম কাজ বন্ধ কৰি ৰাখিছে।