কোকিলাঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ নৱেম্বৰৰ মাজ নিশাৰ পৰা ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰাৰ পাছৰে পৰা দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো নলা, নৰ্দমা হাবিয়ে জংঘলে ৫০০ আৰু ১০০০ টকীয়া নোট উদ্ধাৰ হৈ আহিছে৷
পুৰণি ৫০০ আৰু ১০০০ টকীয়া নাম পোৱা এই নোটসমূহ আশংকা কৰা অনূসৰি একাংশ লোকে বাটে-ঘাটে, নলা, নৰ্দমাত পেলাই দিয়াৰ লগতে জ্বলায়ো দিছিল৷ বিমুদ্ৰাকৰণৰ সেই দিন পাৰ হৈ যোৱাৰ প্ৰায় এবছৰেই হ’বৰে হ’ল। তাৰ মাজতে ভিন্ন ঠাইত আজিও উদ্ধাৰ হৈ আছে অচল নোটসমূহ।