newsnextone.com | তিনিচুকীয়াঃ এগৰাকী ৮০ বছৰীয়া বৃদ্ধ৷ কন্যা আৰু পুত্ৰ সন্তানৰ পিতৃ বৃদ্ধগৰাকীৰ চকুত চকুলো।চৰম নিৰাপত্তাহীনতাত ভোগা পিতৃগৰাকীৰ এতিয়া জীৱনটোক লৈ টনা-আজোৰা৷ জীৱনৰ বিয়লি বেলাত পুত্ৰৰ পৰা অকথ্য নিৰ্যাতনত অতিষ্ঠ হৈ পৰা পিতৃগৰাকী উদ্ধাৰ হৈছে তিনিচুকীয়া জিলাৰ অন্যতম চাহনগৰী খ্যাত ডুমডুমাত।
উজনি অসমৰ তিনিচুকীয়া জিলাৰ অন্যতম চাহনগৰী খ্যাত ডুমডুমাত মানৱতাৰ চূড়ান্ত স্খলনৰ এই ছবি শেহতীয়াকৈ পোহৰলৈ অহাৰ খবৰে সৰ্বস্তৰৰ ৰাইজৰ চকু কঁপালত উঠিছে। অঞ্চলটোত পূৰ্বে নোহোৱা নোপজা এনে ঘটনাৰ খবৰে চাহনগৰীত সৰ্বত্ৰে চৰ্চিত হৈছে ৷ ঘটনাৰ সবিশেষ অনুসৰি প্ৰায় চাৰিদিন পূৰ্বে কুলাংগাৰ সন্তানে নিজ জন্মদাতা ৰুগীয়া পিতৃক ডুমডুমাৰ সমীপৰ তাৰা চাহ বাগিচাৰ পথৰ দাঁতিত পেলাই থৈ যায় ৷