মহাৰাষ্ট্ৰ আৰু কেৰালাৰ কেবাখনো ঠাইৰ পিছত ভাৰতত কৰ’না ভাইৰাছৰ ‘ছুপাৰস্প্ৰেডাৰ’ হিচাপে পৰিগণতি হৈ পৰিছে দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ বাংলেৱালা মছজিদস্থিত তবলীগ জামাতৰ মাৰ্কাজ। ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত কৰ’নাক লৈ আৰম্ভ হৈছে ধৰ্মীয় আক্ৰমণৰ খেল। শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এটি ভিডিঅ’। একেখন থালতে কেবাজনো মুছলমান যুৱকে একেলগে খাদ্য খোৱা আৰু চামুছ চেলেকি থকা ভাইৰেল ভিডিঅ’টো ইতিমধ্যে অসমৰ ছ’চিয়েল মিডিয়া ইউজাৰসকলেও শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে।
উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰি ভিন্নজনে লিখিছে যে এই মুছলমান লোকসকলৰ এনেবোৰ কাণ্ডৰ বাবেই কৰ’নাই আজি ভাৰতত ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ পালে। বহুতে আকৌ এনেদৰে কৰ’না ভাইৰাছ বিয়পাই দিবৰ বাবেই এনেদৰে একেখন থালতে খাদ্য খাইছে বুলিও দাবী কৰিছে। অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰাগ নিউজ নামৰ এটা ব্যক্তিগত টিভি চেনেলত বুধবাৰে দিয়া সাক্ষাৎকাৰতো তবলীগ জামাতত এনেদৰে মুছলমান লোকসকলে একেখন থালতে ৫-৬ জন লোকে খিচিৰি খোৱাৰ নিয়ম আছে বুলি মন্তব্য কৰা দেখা গৈছে।