কোকৰাঝাৰঃ অসমলৈ ৭২ টাকৈ মেডেল আনি গৌৰৱান্বিত কৰা কোকৰাঝাৰৰ নতুন আমগুৰি নিবাসী গহেলা বড়োৱে বৰ্তমান জীয়াই থকাৰ বাবে যুঁজ দিবলগা হৈছে। আৰ্চাৰীত অসমক প্ৰতিনিধিত্ব কৰা গহেলাই ২০০৮ চনতে কেন্দ্ৰীয় ক্ৰীড়া প্ৰাধিকৰণ, কোকৰাঝাৰত কেৰিয়াৰৰ পাতনি মেলিছিল। তাৰ পিছতে থমকি নোৰোৱা গহেলাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ১৩ টা সোণৰ পদক, ৰূপৰ ৮ টা আৰু ব্ৰঞ্জৰ ৮ টাকৈ পদক আৰু বহুতো ৰাজ্যিক ভিত্তিক পদক লাভ কৰি ৰাজ্যখনৰ বাবে সন্মান কঢ়িয়াই আনিছিল।
কিন্তু শাৰীৰিক অসুস্থতাই এতিয়া হেঙাৰ হৈ পৰিছে গহেলাৰ বাবে। খেলৰ বাবে অদম্য হেপাহ থকা গহেলাই ভাৰতক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাবে নিৰ্বাচিত হৈও শাৰীৰিক অসুস্থতাৰ বাবে প্ৰতিযোগিতাৰ পৰা বিৰত থাকিব লগা হৈছে। ২০১৬ চনৰ নৱেম্বৰ মাহৰ পৰা খেলুৱৈগৰাকী শাৰিৰীক অসুস্থতাত ভুগি আছে।