ওদালগুৰিঃ ৰাজ্যত ধাৰাবাহিকভাবে গড় হত্যাৰ ঘটনাত চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰে বিলাসী বাহন। ওদালগুৰি জিলাৰ ভালুকমাৰী জংঘল গাঁৱত এখন বিলাসী বাহনত গড় হত্যাৰ বাবে ৰাখি থোৱা থ্ৰী নট থ্ৰী ৰাইফলসহ বিভিন্ন অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ পিছত পোহৰলৈ আহিছে গড় হত্যাৰ এক ভয়ংকৰ তথ্য।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাাং চিকাৰীয়ে বিলাসী বাহন ব্যৱহাৰ কৰি গড় হত্যাৰ পৰিকল্পনা কৰিছিল যদিও আৰক্ষীৰ অভিযানত ব্যৰ্থ হ’ল চোৰাং চিকাৰীৰ এই পৰিকল্পনা। আৰক্ষীয়ে বাহনসহ এজন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে।