62
বাঘবৰঃ বাঘবৰ সমষ্টিৰ মন্দিয়া প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বহুকেইখন বিদ্যালয়ত এগৰাকী শিক্ষকৰে চলিছে পাঠদান। ১২২৩ নং শিলোচী প্ৰাথমিক বিদ্যালয়ত সংখ্যা ৩৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্ৰ এজন শিক্ষক।
পাশান আলী আহমেদ নামৰ প্ৰধান শিক্ষকগৰাকীয়ে অকলে পাঠদান কৰে এই বিদ্যালয়খনত। আনহাতে ১৬৪৭ নং ৰাণীৰ পাম প্ৰাথমিক বিদ্যালয়ত আকৌ ৪১৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আনছেৰ আলী নামৰ এগৰাকী শিক্ষকে চলায় পাঠদান কাৰ্য।