65
কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিৰাক আমগুৰি গাঁৱত আজি পুৱা প্ৰায় ৯ বজাত সেনা আৰু আলফাৰ প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হয়। এই গুলীয়াগুলীত এজন সন্দেহযুক্ত আলফাৰ সদস্য নিহত হয়।
জানিব পৰা মতে, পুৱা আমগুৰি সমীপত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত সেনাবাহিনীয়ে গাড়ীত অভিযান চলাই থকা অৱস্থাত অৰুণাচলৰ মহাদেৱপুৰৰপৰা অহা এখন মেজিক তালাচী কৰিবলৈ লওঁতেই উক্ত সন্দেহযুক্ত লোকজনে সেনালৈ লক্ষ্য কৰি গুলীচালনা কৰে।