লাকুৱাঃ ভাৰতবৰ্ষই ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীন হোৱা আজি ৬৮ বছৰ অতিক্ৰম কৰাৰ পিছতো শ্ৰমিকে সদায়ে শোষিত হৈ আহিছে অসমত। এই অভিযোগকে প্ৰতিফলন ঘটিছে লাকুৱাত। শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে লাকুৱা।
আজি ভাৰতীয় মজদুৰ সংঘই লাকুৱাৰ তেল আৰু প্ৰাাকৃতিক গেছ কৰ্পৰেশ্যনৰ কলনিত বন্ধ আহ্বান জনাইছে।বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গৈছে কলনিত। প্ৰাপ্য মজুৰি প্ৰদান, কামৰ পৰা বৰ্খাস্ত কৰা শ্ৰমিকৰ চাকৰি মকৰল কৰাকে ধৰি শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত মজদুৰ সংঘই উত্তাল কৰি ৰাখিছে অএনজিচিৰ দুবাৰমুখ।