বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণৰ লগতে দিয়া হ’ব অনলাইন লাইভ ক্লাছ

Home অন্যান্য খবৰবিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণৰ লগতে দিয়া হ’ব অনলাইন লাইভ ক্লাছ

বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণৰ লগতে দিয়া হ’ব অনলাইন লাইভ ক্লাছ

by News Desk
63 views
A+A-
Reset

গোলাঘাট, ১৪ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয় আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ যৌথ উদ্যোগত জিলাখনৰ চাকৰিপ্ৰত্যাশী নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আজিৰে পৰা এলানি বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে । এই প্ৰশিক্ষনৰ দ্বাৰা বিভিন্ন অঞ্চলৰ নিবনুৱা যুৱক-যুৱতীসকলক বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ দিয়া হ’ব । আজি জিলাখনৰ মুঠ ২৭ খন বিদ্যালয়ৰ খেলপথাৰত এই শাৰীৰিক প্ৰশিক্ষণ আৰম্ভ হৈছে । এই উপলক্ষে গোলাঘাটৰ তুলেশ্বৰী বৰুৱা মইনাপাৰ এইচ এছ স্কুল আৰু গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত শাৰীৰিক প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, জিলা ক্ৰীড়া বিষয়া শ্ৰীযুতা ছেমি শইকীয়া আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া শ্ৰীযুতা পম্পী দেৱীয়ে অংশগ্ৰহণ কৰে । দুয়োখন বিদ্যালয়তে শাৰীৰিক নিৰ্দেশক বিপিন গগৈ আৰু প্ৰিন্স বৰাই যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰে । অনুষ্ঠানত অংশ লৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে এই প্ৰচেষ্টাক সফল কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে । তেওঁ কয় যে চৰকাৰে এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ বাবে যি লক্ষ্য নিৰ্ধাৰণ কৰিছে তাত যাতে কেৱল গোলাঘাট জিলাৰে বৃহৎ সংখ্যক নিবনুৱা উপকৃত হয় সেয়া সুনিশ্চিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । তেওঁ কয় যে এই প্ৰশিক্ষণকালত প্ৰশিক্ষাৰ্থীসকলক অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনী, ভাৰতীয় সেনাবাহিনী, অগ্নি নিৰ্বাপন সেৱা আদিৰ দৰে বিভিন্ন বিভাগৰ চাকৰিত নিয়োজিত হ’ব পৰাকৈ প্ৰয়োজনীয় শাৰিৰীক সক্ষমতাৰ প্ৰশিক্ষণ দিয়া হ’ব । উল্লেখযোগ্য যে শাৰীৰিক প্ৰশিক্ষন সমাপ্ত হোৱাৰ পিছত ভিডিঅ’যোগে সাধাৰন জ্ঞান আৰু সাম্প্ৰতিক ঘটনাপ্ৰবাহ সম্পৰ্কে জ্ঞান দিয়া হব । একে সময়তে অভিজ্ঞ শিক্ষকৰদ্বাৰা বিভিন্ন বিষয়ত জিলাভিত্তিক লাইভ ক্লাছৰ ব্যৱস্থা কৰা হ’ব । অনলাইন লাইভ ক্লাছসমূহ অহা ১৬ চেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব । ইচ্ছুকসকলে ৮৮২২০-৯৯২৫৭ নম্বৰত “Project Achiever” বুলি লিখি এছ এম এছ কৰিলে পৰৱৰ্তী সময়ত লাভ কৰা নিৰ্দেশনা পালন কৰি বিনামূলীয়া অনলাইন লাইভ ক্লাছত নাম পঞ্জীয়ন কৰিব পাৰিব । আনহাতে শাৰীৰিক প্ৰশিক্ষণত যোগ দিবলৈ ইচ্ছুক চাকৰিপ্ৰত্যাশী নিবনুৱা যুৱক-যুৱতী তথা ছাত্ৰ-ছাত্ৰীসকলে সংশ্লিষ্ট বিদ্যালয় প্ৰধানসকলৰ সৈতে নাইবা শাৰিৰীক নিৰ্দেশকসকলৰ সৈতে যোগাযোগ কৰিব পাৰিব । আজি তুলেশ্বৰী বৰুৱা মইনাপাৰ এইচ এছ স্কুলৰ অনুষ্ঠানটোত বিদ্যালয়খনৰ অধ্যক্ষ শ্ৰীযুত মৃদুপৱন শৰ্মা বৰবৰা আৰু বেজবৰুৱা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনুষ্ঠানত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত ৰাজেন্দ্ৰনাথ বৰাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত আছিল ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0