ওৰাংঃ ওদালগুৰি জিলাৰ পুব প্ৰান্তত অৱস্থিত চহৰ ওৰাং। এই ওৰাঙৰ এক কাব্যিক চিনাকি আছিল বাঘৰ ‘চোং’ ৰূপে। সাধুকথা যেন লগা সুকীয়া পৰিচয় থকা বাঘৰ চোং আজি জন অৰণ্যলৈ ৰূপান্তৰিত হৈ নিতৌ সহস্ৰাধিক লোক অহা-যোৱা কৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে ব্যস্ত কৰি ৰখা এই ওৰাঙৰ অতীতৰ পুৰণি পৰিচয় আজিও বিদ্যমান কৰি ৰাখিছে ওৰাঙৰ বাঘে।
সাধুকথা যেন লগা ওৰাঙৰ বাঘ সম্পৰ্কীয় বিভিন্ন কাহিনীসমূহ একবিংশ শতিকাৰ যান্ত্ৰিকতাৰ জগতত হেৰাই যোৱাৰ উপক্ৰম হওঁতেই ওৰাং চহৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ ১৫ কিলোমিটাৰ পথ ভিতৰ সোমাই গ’লেই পোৱা যায় ওৰাং ৰাষ্ট্ৰীয় উদ্যান।