Home অন্যান্য খবৰচাহ শ্ৰমিকৰ মাজত ক’ভিড সজাগতা আটছা (স্বতন্ত্ৰ) ৰ

চাহ শ্ৰমিকৰ মাজত ক’ভিড সজাগতা আটছা (স্বতন্ত্ৰ) ৰ

by News Desk
70 views
A+A-
Reset

গোলাঘাটঃ চাহ শ্ৰমিকৰ মাজত ক’ভিড সজাগতাৰ প্ৰয়াস আৰু ক’ভিড আক্ৰান্তৰ মাজত সামগ্ৰী বিতৰণ আটছা ( স্বতন্ত্ৰ) ৰ সম্প্ৰতি ৰাজ্যৰ চাহ বাগিচা সমূহত ব্যাপক ৰূপত বৃদ্ধি পোৱা দেখা গৈছে ক’ভিডৰ সংক্ৰমণ। এনে সময়তে চাহ শ্ৰমিক সকলৰ মাজত ক’ভিড সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আগবাঢ়ি আহিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা ( স্বতন্ত্ৰ)।  

সংগঠনটোৰ প্ৰতিনিধি সকলে যিসমূহ চাহ বাগিচাত ইতিমধ্যে ক’ভিড সংক্ৰমণ হৈছে সেইসমূহ বাগিচালৈ গৈ ক’ভিড সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে সেই বাগিচাসমূহত থকা ক’ভিড আক্ৰান্ত সকলৰ অৱস্থাৰ বুজ লয়। সংগঠনটোৰ প্ৰতিনিধি সকলে গোলাঘাট জিলাৰ শাওতলী,  বৰফলং,  মহিমা, দক্ষিণহেঙেৰা, ছোটজান,  চফেলা, বকিয়াল আদি কেইবাখনো চাহ বাগিচাত উপস্থিত হৈ বাগিচা পৰিচালক সকলৰ সৈতে আলোচনা কৰি ক’ভিড আক্ৰান্ত চাহ শ্ৰমিক সকলে যাতে উপযুক্ত চিকিৎসৰ লগতে অন্যান্য সা সুবিধা সমূহ লাভ কৰে সেই বিষয়ে যাৱতীয় ব্যৱস্থা ল’বলৈ বাগিচা পৰিচালক সকলক আহ্বান জনায়। ইয়াৰ লগতে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা ( স্বতন্ত্ৰ) ৰ প্ৰতিনিধি সকলে ক’ভিড আক্ৰান্ত চাহ শ্ৰমিক সকলৰ মাজত মাক্স, চাবোন, চেনিটাইজাৰ, বিস্কুটৰ পেকেট  আদি সামগ্ৰী বিতৰণ কৰে।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0