ডিজিটেল ডেস্কঃ সম্ভোগ অৰ্থাৎ ইণ্টাৰক’ৰ্ছ, এই শব্দটোক লৈয়ে সমস্যাত পৰিছে বলিউড জগতৰ অদ্বিতীয় মেগাষ্টাৰ কিং খান। কিয়নো কিং খানৰ ৪ আগস্তত মুক্তি পাব লগা ছবি 'জব হেৰী মেট সেজল’ৰ ট্ৰেইলাৰটোত ব্যৱহৃত এটা শব্দৰ অনুমতি দিয়া নাই চেন্সৰ ব’ৰ্ডে। 

ট্ৰেইলাৰটোত ব্যৱহৃত ইণ্টাৰক’ৰ্ছ শব্দটোক লৈ আপত্তি দৰ্শাইছে চেণ্ট্ৰেল ব’ৰ্ড অব ফিল্ম চাৰ্টিফিকেশ্যনৰ অধ্যক্ষ পহলাজ নিহলানীয়ে। নিহলানীৰ মতে এই শব্দটো আপত্তিজনক। অৱশ্যে এটা চৰ্তত এই শব্দটো ট্ৰেইলাৰটোত থাকিব বুলি কৈছে নিহলানীয়ে। 

যদি ভিৱাৰে শব্দটোৰ সপক্ষে ১ লাখ ভোট দিয়ে, তেন্তে ট্ৰেইলাৰটো মুকলি কৰিব পাৰিব। দৰাচলতে ভাৰতীয় দৰ্শকৰ চিন্তাধাৰা সলনি হৈছে নে নাই তাকে পৰীক্ষা কৰিব বিচৰা বুলি কয় নিহলানীয়ে। 

ভাৰত যদি সলনি হৈছে, তেন্তে এই শব্দটো নিশ্চয়কৈ মানি ল’বই। এইবুলি কয় অধ্যক্ষগৰাকীয়ে। চৰ্ত পুৰণ হ’লে এটাও কাট নকৰাকৈ ইমতিয়াজ আলীৰ ছৱিখন মুকলি কৰি দিয়া হ’ব বুলিও কয় নিহলানীয়ে।