50
ধিংঃ নগাওঁ জিলাৰ বটদ্ৰৱা সমষ্টিৰ দলংঘাট আৰু বটদ্ৰৱা ব্লকৰ পৃথকে পৃথকে হোৱা কংগ্ৰেছ কৰ্মী সভাত উপস্থিত থাকি সাংসদ গৌৰৱ গগৈয়ে আগন্তুক পঞ্চায়তৰ নিৰ্বাচনী যুঁজৰ আৰম্ভণি কৰে। সাংসদ গৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে পঞ্চায়ত কৰ্মীসকলক কঁকালত টঙালি বান্ধি সাজু হ’বলৈ আহ্বান জনায়।
সাংসদ গৰাকীয়ে কয়- ‘বিভিন্ন সময়ত বিজেপিয়ে অপপ্ৰচাৰ চলাইছিল যে গৌৰৱ গগৈ বিজেপিত যোগদান কৰিব।’ সেয়া সম্পূৰ্ণ ভূৱা প্ৰচাৰ বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।