65
মোৰাঝাৰঃ হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ বৰবালি আঞ্চলিক পঞ্চায়তত বিয়াগোম অনিয়মৰ অভিযোগ ৰাজহুৱাকৈ উত্থাপিত হৈছে।
চৰকাৰী কেবাটাও আঁচনিৰ সমুদায় ধন আত্মসাৎ কৰাৰ ৰাজহুৱা অভিযোগ উঠিছে। চৰকাৰী নিৰ্দেশনা ভৰিৰে মোহাৰি নিজৰ খেয়াল-খুচি মতে কাম শেষ কৰি ধন শৰাধ কৰাৰ উপৰিও জলসিঞ্চনৰ আঁচনিৰ বৃক্ষ ৰোপনৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।