61
গৰৈমাৰিঃ বিগত ১৫ দিনত বকোৰ সোণতলীত ৫ টাকৈ শিশুৰ সলিল সমধি ঘটাই চিন্তিত কৰি তুলিছে ৰাইজক৷ বাঢ়নী পানীত পৰিয়ালৰ অসাৱধনতাৰ বাবে দুই বছৰৰ শিশু পৰ্য্যন্ত পানীত পৰি মৃত্যুক আকোৱালি ল’ব লগা হৈছে৷
শুকুৰবাৰে পুনৰাই সোণতলী মৌজাৰ উত্তৰ মাহতলী অঞ্চলত দুটি শিশু সলিল সমাধি ঘটে৷ উত্তৰ মাহতলী গাঁৱৰ ইছমাইল আলীৰ দুবছৰীয়া পুত্ৰ সন্তান ৰাব্বুল আলীয়ে ঘৰৰ ওচৰতে থকা জান এটাত পৰি মৃত্যু হয়৷