প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ অস্ত্ৰোপচাৰ বুলিলেই কম বেছি পৰিমাণে ভয় খায় সকলোৱে৷ তাতে আৰু যদি হয় মগজুৰ অস্ত্ৰোপ্ৰচাৰ৷ কিন্তু অস্ত্ৰোপচাৰৰ সময়ত যদিহে ৰোগীয়ে বজাই গীটাৰ৷ তেন্তে আচৰিত নহৈ নোৱাৰি। 

শেহতীয়াকৈ এনে এক নজিৰ বিহীন ঘটনা সংঘটিত হ’ল বেংগালুৰুত৷ ৩২ বছৰীয়া এজন যুৱকে স্নায়ুৰোগৰ বাবে অস্ত্ৰোপচাৰ কৰিব লগা হয়৷ অস্ত্ৰোপচাৰ কৰি থাকোতেই ৰোগীয়ে বজাই থাকিল গীটাৰ৷ 

আচলতে গিটাৰ বজোৱাৰ সময়ত আঙুলিত প্ৰচণ্ড বিষ অনুভৱ কৰিছিল যুৱকজনে৷ সেইবাবে চিকিৎসকৰ কাষ চাপে তেওঁ৷ মগজুৰ স্নায়ুৰ সমস্যাৰ বাবে এই বিষ হোৱা বুলি প্ৰাথমিক পৰীক্ষাৰ অন্তত ধৰা পৰে৷ 

অস্ত্ৰোপচাৰৰ সময়ত গীটাৰ বজালে কোনখিনি ঠাইত সমস্যা হয় সেই কথা সহজেই অনুমান কৰিব পাৰিব বুলিয়েই এই প্ৰচেষ্টা চিকিৎসকৰ৷ সুদীৰ্ঘ ৬ ঘন্টাৰ অন্তত অন্ত পৰে অস্ত্ৰোপচাৰৰ৷ বৰ্তমান আৰোগ্য লাভ কৰিছে যুৱকজনে৷