newsnextone.com | কাজিৰঙাঃ বান পীড়িতক পৰ্যাপ্ত সাহায্য প্ৰদান আৰু পোহনীয়া জীৱ-জন্তুৰ বাবে পৰ্যাপ্ত পশু খাদ্য প্ৰদান কৰিবৰ বাবে বিভিন্ন দল-সংগঠনে দাবী উত্থাপন কৰিছে তেনে সময়ত পশুপালন মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত পশু খাদ্য বিচাৰি কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
বান ক্ষতিগ্ৰস্তই বাৰম্বাৰ অনুৰোধ কৰা স্বত্বেও মন্ত্ৰী অতুল বৰাই গুৰুত্ব প্ৰদান নকৰাত বোকাখাতৰ কৃষি বিষয়াই বানাক্ৰান্ত কৃষকৰ বাবে চৰকাৰী সাহায্য প্ৰদানৰ পৰা বিৰত আছে। চৰকাৰৰ সৃষ্ট নীপকোৰ কৃত্ৰিম বানত গোলাঘাট জিলাৰ গোলাঘাট, ৰঙাজান, দৈয়াং, টেঙানি, নুমলীগড়, ৰঙামাটি, খুমটাই, বংকোৱাল, মহুৰামুখ, কমাৰগাঁও আদিকে ধৰি বিভিন্ন এলেকা বুৰ যায়।