newsnextone.com | কাজিৰঙাঃ ৰাষ্ট্ৰ সৃষ্ট নীপকোৰ কৃত্ৰিম বানত ক্ষতিগ্ৰস্ত জনতাৰ অধিকাৰ, উপযুক্ত ক্ষতিপূৰণ তথা কৃত্ৰিম বানৰ কাৰক, বান্ধৰ অৱস্থিতি সম্বন্ধীয় শ্বেতপত্ৰ প্ৰকাশ কৰাৰ লগতে নীপকো কৰ্তৃপক্ষক গ্ৰেপ্তাৰ কৰাৰ দাবীত বৃহস্পতিবাৰে গোলাঘাট উত্তাল কৰে জীপাল কৃষক-শ্ৰমিক সংঘই। চৰকাৰৰ চৰম ব্যৰ্থতাৰ বাবেই গোলাঘাট জিলাৰ গোলাঘাট, টেঙানি, মৰঙী, ৰঙাজান, খুমটাই, দৈয়াং, জামুগুৰি, হেৰহেৰি, শগুণপাৰা, নুমলীগড়, দুসুঁতিমুখ, কমাৰগাঁও, বংকোৱাল আদিকে ধৰি বিভিন্ন এলেকা নীপকোৱে এৰা পানীৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
বহু লোক গৃহহীন হোৱাৰ লগতে অজস্ৰ পোহনীয়া পশুধন মৃত্যু মুখত পৰিছে। এনে প্ৰেক্ষাপটত জীপাল কৃষক-শ্ৰমিক সংঘই সন্দেহ কৰে যে নীপকোৰ দৈয়াং বান্ধ ভাঙিছে। যাৰ বাবেই ইয়াৰ উচ্চস্তৰীয় তদন্ত ঘোষণা কৰি গােলাঘাট জিলাৰ সাংবাদিকৰ স’তে বিশেষজ্ঞ দল প্ৰেৰণ কৰাৰ বাবে জিলা উপায়ুক্তক সংগঠনটোৱে আহ্বান জনায়। তদুপৰি, নীপকোৱে পানী এৰাৰ পূৰ্বে কি ধৰণে সাধাৰণ মানুহৰ মাজত জাননী প্ৰেৰণ কৰিছিল এই সমস্ত বিষয়টোৰ এটা উচ্চস্তৰীয় তদন্ত ঘোষণা কৰি শীঘ্ৰে শ্বেতপত্ৰ প্ৰদান কৰাৰ লগতে দোষীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ আহ্বান জনায়।