newsnextone.com | ৰৌতাঃ নিৰীহৰ ওপৰত প্ৰশাসনৰ অত্যাচাৰে এটা সময়ত সাধাৰণ ৰাইজক জ্বলাকলা খুৱাইছিল। সাধাৰণক মানুহক সন্ত্ৰাসৰ সৈতে জড়িত থকাৰ অচিলা লৈ আৰক্ষী সেনাই শাৰিৰীক আৰু মানসিক ভাৱে নিৰ্যাতন চলাইছিল। সেই মৰ্মান্তিক সময় এতিয়া বহু পৰিমাণে শাম কাটিছে যদিও এতিয়াও যেন ৰাজ্যৰ বিভিন্ন প্ৰান্তত তালাচী চলোৱাৰ নামত সেনা-আৰক্ষীয়ে নিৰ্যাতন চলাই আহিছে সাধাৰণ গঞাৰ ওপৰত।
শেহতীয়াকৈ ওদালগুৰি জিলাৰ ৰানীপুখুৰীত ভাৰতীয় সেনাই নিৰীহ লোকৰ ওপৰত অত্যাচাৰ কৰাৰ অভিযোগ উঠিছে। ঘটনাৰ বিৱৰণ অনুসৰি, ওদালগুৰি জিলাৰ ৰানীপুখুৰী ভিচিডিচিৰ অন্তৰ্গত ১নং ঝাৰগাঁও গাঁৱৰ বাসিন্দা তথা পেচাত এজন কাঠ মিস্ত্ৰী ইছলামুদ্দিন আহমেদক অস্ত্ৰ ৰখাৰ সন্দেহত মঙলবাৰে পুৱতি নিশা প্ৰায় ২ বজাত ভাৰতীয় সেনা বাহিনীৰ দল এটাই স্থানীয় প্ৰশাসনৰ সহযোগত নিজ বাসগৃহৰ পৰা আটক কৰি লৈ যায়।